🔹 ঘৰলৈ গ’লেই মাকে ৰোৱা পাইনজোপাক ধৰিছিল সাবটি
বিশেষ বার্তা, যোৰহাট, ২০ ছেপ্টেম্বৰ : যেতিয়াই জুবিন আহিছিল তেতিয়াই বঙালপুখুৰীৰ তেওঁলোকৰ ঘৰটোলৈ আহিছিল৷ আৰু আহিয়েই জুবিনৰ মাকে ৰুই যোৱা পাইন গছজোপাক এবাৰ সাবটি ধৰি চাই যায়৷ সেই কথা জানিবলৈ দিয়ে বর্তমানৰ ঘৰটোৰ গৰাকী হিৰু দত্তই৷ তেওঁ আৰু কয় যে কেতিয়াবা আমাৰ ঘৰত মানুহ নাথাকিলেও উজনি অসমৰ তথা যোৰহাটৰ কার্যসূচী লৈ আহিলে নিশা সংগোপনে গেটৰ ওপৰেদি উঠি গৈ এবাৰ চাই যায় সেই হেঁপাহৰ পাইন গছজোপাক৷ কেতিয়াবা সাবটি ধৰি ৰৈ যায় পাইন গছজোপাক৷ যোৰহাটৰ সেই ঘৰটোত আছিল জুবিনৰ বহু সজল স্মৃতি৷ সেয়ে পুৰণা ঘৰৰ মোহ এৰিব পৰা নাছিল জুবিনে৷
২০০৪ চনত যেতিয়া জুবিনৰ ঘৰটো হিৰু দত্তৰ প্রয়াত পিতৃয়ে কিনিছিল তেতিয়াই জুবিনে কৈছিল– ঘৰ দুটা বিক্রী কৰা হৈছে, কিন্তু গছজোপা বিক্রী কৰা নাই৷ এই গছজোপা যিমান ওখ হ’ব সিমান ওপৰলৈ মই গৈ থাকিম বুলি কৈছিল জুবিন গার্গে৷ কিন্তু গছজোপা অত্যধিক ওখ হৈ যোৱাৰ পিছত ওপৰৰ পৰা শুকাই গৈছিল আৰু এদিন ভাগি পৰিছিল৷ সেই গছজোপা ভাগি পৰাৰ খবৰ হিৰু দত্তই জুবিন গার্গক দিয়াৰ পিছত পুনৰ এজোপা পাইন গছ জুবিনে ৰোপণ কৰিব বুলিও কৈছিল৷
হিৰু দত্তই জানিবলৈ দিয়ে যে এইবাৰ যোৰহাটৰ বঙালপুখুৰী পূজা মন্দিৰৰ এশ বছৰ৷ সৰুতে এই পূজাখনৰ সৈতে জুবিন জড়িত হৈ আছিল৷ এই শতবর্ষ গৰকা পূজাখনলৈ জুবিন নিজেই অহাৰ কথা দিছিল৷ কিন্তু সেয়া আৰু হৈ নুঠিল৷ এই মৃত্যু অসহনীয়৷ জুবিন এতিয়া আমাৰ মাজত নাথাকিলেও অসমীয়াই জীয়াই ৰাখিব৷ জুবিন গার্গৰ মৃত্যুৰ মর্মান্তিক খবৰ লাভ কৰাৰ পিছত বহু লোক আহি জুবিনৰ পুৰণা ঘৰটোলৈ আহি কান্দোনত ভাগি পৰে৷