নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত ছিংগাপুৰৰ পৰা মুখ খুলিলে শ্যামকানুৱে

শ্ৰদ্ধেয় ৰাইজ, এই মহা শোকৰ সময়ত আজি ভীষণ পীড়া, শোক আৰু কষ্টৰে এই কথাখিনি ক’বলৈ লৈছোঁ। জাতিটোৰ সম্পদ জুবিন গাৰ্গৰ অভাৱনীয় মৃত‍্যু সমগ্ৰ ৰাজ‍্যখনৰ বাবে এক ভয়ানক খবৰ। এই মৃত‍্যু অপূৰণীয়। ৰাজ‍্যখনৰ হিয়াৰ আমঠু নোহোৱা হোৱাৰ খবৰটোত গোটেই ৰাজ‍্যখনেই বিধ্বস্ত হৈ আছে।

জুবিনৰ খবৰটোৱে বাকৰুদ্ধ কৰি তোলাৰ লগতে হাস্পতাল ইত‍্যাদিৰ নিয়মবোৰৰ পাছত দৌৰি আছিলোঁ। এই অভাৱনীয় মুহুৰ্তত জুবিনৰ দলটোৰ লগত থাকি, ছিংগাপুৰৰ নিয়ম-নীতি মতে গুৱাহাটীলৈ পঠোৱাৰ কামত ব‍্যস্ত আছিলোঁ। আমাৰ ফালৰ ক’বলগীয়াখিনি লিখিতভাৱে ৰাইজক জনাবলৈ লৈছোঁ।

১) প্ৰথম অভিযোগ- জুবিন গাৰ্গক আমি জোৰ কৰি ছিংগাপুৰলৈ লৈ আহিছোঁ।

আমাৰ উত্তৰ : আমি ২০১৩ চনত নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰোঁতে তেওঁৰেই উপদেশ লৈ আৰম্ভ কৰিছিলোঁ। তেওঁ ৰাজহুৱাভাৱে বহুবাৰ কৈছে যে কানুৰ লগত মিলি মই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। দিল্লীত এতিয়ালৈকে ১৩বাৰৰ প্ৰত‍্যেক বছৰেই জুবিন গৈছে, মুম্বাইত কৰোঁতেও গৈছে, বিদেশত হওঁতেও দুবাৰকৈ গৈছে। এনে বহু ভিডিঅ’ আছে য’ত জুবিনে সংবাদ মাধ্যমৰ আগত কৈছে যে ভৱিষ‍্যতে এই অনুষ্ঠানটো আমি বিশ্বৰ বহু ঠাইত কৰিম। এইবাৰ আমি ছিংগাপুৰত কৰিম বুলি জুবিনক কওঁতে অতি প্ৰসন্ন হৈ কৈছিল যে মই গৈ দুটামান গান গাম আৰু লগতে ভাই সন্দীপন আৰু শব্দযন্ত্ৰী শেখৰকো লৈ যাম। আপোনালোকে জুবিনৰ পেজটো চালে দেখিব যে তেওঁ কৈছে আমি ছিংগাপুৰৰ চানটেকত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতি আছোঁ আৰু স্থানীয় ৰাইজক আহিবলৈ নিমন্ত্ৰণ কৰিছোঁ। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ উত্তৰ-পূবৰ সকলো ৰাজ্য আহে আৰু সাংস্কৃতিক-ব্যৱসায়-বাণিজ্যৰ আদান-প্ৰদান হয়। উত্তৰ-পূবৰ ৰাজ‍্যসমূহৰ সকলো আহে, সহযোগিতা কৰে। জুবিনে উত্তৰ-পূব একেলগ হৈ সহযোগিতা কৰাৰ প্ৰক্ৰিয়াটো ভাল পায় আৰু উদগনি দিব বিচাৰে। এইবাৰ তেওঁ আমাক ক’লে যে মোক আগতীয়াকৈ ডাইৰেক্ট ফ্লাইটত টিকট কৰি দিবি। তালৈ গৈ মই দুদিনমান থাকিম, জিৰণি ল’ম। আমি মেনেজাৰ সিদ্ধাৰ্থৰ লগত কথা পাতি যাৱতীয় আয়োজন কৰিছিলোঁ, ওচৰতে আছিলোঁ। মই তেওঁক অনুৰোধ কৰিছিলোঁ হোটেলতে জিৰণি ল’বলৈ। জুবিনৰ অতি ঘনিষ্ঠ ছিংগাপুৰৰ অসমীয়া সমাজৰ তন্ময়ে ১৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে মোক ফোন কৰি কৈছিল যে জুবিনক তেওঁলোকে ১৯ তাৰিখে এবাৰ ফুৰাবলৈ লৈ যাব। মই কৈছিলোঁ যে নিব নালাগে। ভাৰতীয় দূতাৱাসে এই অনুষ্ঠানটোৰ নেতৃত্ব লৈছিল, জুবিন অনুষ্ঠানলৈ কালচাৰেল এম্বাচাদৰ হিচাপে আহিছে আৰু ১৯ তাৰিখে সন্ধিয়া ভাৰতীয় দূতাৱাসে আয়োজন কৰা আৰম্ভণিৰ অনুষ্ঠানত জুবিন উপস্থিত থাকিব লাগিব। পাছদিনা অৰ্থাৎ ২০ তাৰিখে জুবিনে অনুষ্ঠান কৰাৰ কথা আছিল। ১৮ তাৰিখৰ সন্ধিয়া ছিংগাপুৰৰ অসম এছচিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰক লগ পাওঁতে মই কৈছিলোঁ যে জুবিনক ক’লৈকো নিব নালাগে। এই কথাখিনি তালুকদাৰে কোৱা বুলি ইণ্ডিয়া টুডে নৰ্থ ইষ্টতো কালি প্ৰকাশ পাইছে।

২) দ্বিতীয় অভিযোগ, এই ঘটনা হওঁতে মই কিয় বচাব নোৱাৰিলোঁ।

আমাৰ উত্তৰ : ১৯ ছেপ্টেম্বৰ তাৰিখে দিনত আমাৰ অনুষ্ঠান আৰম্ভ হৈছিল, ৰাতিপুৱাই আমি থকা ঠাইৰ পৰা দূৰৈত চাংগ্ৰিলা হোটেলত আয়োজন কৰা অনুষ্ঠানত ছিংগাপুৰৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ লগত উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ নেতৃত্ব আৰু উদ্যমীসকলৰ বৈঠক আছিল। ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতো আমাৰ লগত অনুষ্ঠানত উপস্থিত আছিল। মোৰ লগতে সমগ্ৰ দলটো অনুষ্ঠানৰ আয়োজনত ব্যস্ত আছিল। জুবিন গাৰ্গ যে ছিংগাপুৰৰ অসমীয়া সমাজৰ সৈতে ফুৰিবলৈ গ’ল সেই কথাখিনি আমি কোনেও জনা নাছিলোঁ, গম পোৱা হ’লে নিশ্চয় বাধা দিলোহেঁতেন। কাৰণ আমি বৈঠকলৈ বুলি ওলাই যাওঁতে জুবিন শুই আছিল। বৈঠক চলি থাকোঁতে কিছু সময়ৰ পাছত সিদ্ধাৰ্থৰ মেচেজ পাওঁ যে জুবিনৰ ডাঙৰ এক্সিডেণ্ট হৈছে। লগে লগে ভাৰতীয় দূতাৱাসৰ উচ্চপদস্থ বিষয়াক অৱগত কৰোঁ আৰু আমি হাস্পতাললৈ ঢাপলি মেলোঁ। সেই সময়ত সংবাদ মাধ‍্যমৰ মোলৈ ফোন আহিছিল, ক’ত হৈছে বা কেনেকৈ হৈছে একো ভালদৰে গম পোৱা নাছিলোঁ, কাৰণ মেডিকেল ইমাৰজেন্সিত সকলো ব‍্যস্ত আছিল আৰু জাহাজত যোৱা লোকসকলক পুলিচে আটক কৰিছিল। ভাৰতীয় সময় মতে আবেলি ২.৪৪ বজাত ছিংগাপুৰৰ সময় অনুসৰি সন্ধিয়া ৫ বাজি ১৪ মিনিটত দুৰ্ভাগ্যজনক খবৰটো ডাক্তৰে ঘোষণা কৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় দূতাৱাসৰ সৈতে নিয়মিত যোগাযোগত আছিল।

অসমৰ এই অমূল্য সম্পদভাগি আমাৰ মাজত আৰু নাই, এই ঘটনাৰ পাছত চৌদিশে অন্ধকাৰ দেখিছিলোঁ। অলপ সম্বিৎ ঘূৰাই পোৱাৰ পাছত অনুষ্ঠান বাতিল কৰা সমন্বিতে যাৱতীয় কামবোৰ কৰিবলগীয়া হৈছিল।

পাছতহে গম পালোঁ যে জাহাজখন ছিংগাপুৰৰ অসমীয়া সমাজৰ তৰফৰ পৰা জুবিনৰ অতি ঘনিষ্ঠ বন্ধু তন্ময়ে বুক কৰিছিল। জুবিন ছিংগাপুৰত উপস্থিত হোৱাৰ পাছতো তন্ময়ে দলটোক ছিংগাপুৰ ফুৰাইছিল। সেইদিনা জাহাজখনত ছিংগাপুৰৰ অসমীয়া সমাজৰ প্ৰায় ১২জন লোক আছিল। জুবিনৰ সংগী আছিল তেওঁৰ অতি মৰমৰ, খুড়াকৰ পুত্ৰ সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ আৰু শেখৰ। ‍জাহাজখনত কিছুদূৰ গৈ তেওঁলোক সকলোৱে সাতুঁৰি আছিল। দলটোৱে জনোৱা মতে, জুবিনে ভালদৰে সাঁতুৰিব জানে আৰু আৰু সাতুঁৰি থাকোঁতেই ঘটনাটো ঘটে। সন্দীপন অসম পুলিচৰ এজন ডিএছপি আৰু তেওঁ জনোৱা মতে বন্দৰৰ গাৰ্ডে তৎক্ষণাত জাহাজখনৰ পৰা হাস্পতাললৈ লৈ যায় আৰু গোটেই ৰাস্তাত সন্দীপন আৰু গাৰ্ডে চিপিআৰ দি জুবিনৰ উশাহ ঘূৰাই অনাৰ আপ্ৰাণ চেষ্টা কৰে। ছিংগাপুৰৰ হাস্পতাললৈ লৈ যোৱাৰ পাছত ডাক্তৰে আপ্ৰাণ চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে। ভয়ানক ঘটনাটো ঘটিল।

ঘটনাটোৰ পাছত জুবিনৰ দলটোৰ লগতে আমাৰ সকলোৰে মানসিক অৱস্থা আছিল অবৰ্ণনীয়। সেই সময়ত তেওঁলোকৰ লগত একেৰাহে থাকি সহযোগ কৰি বা যাৱতীয় হাস্পতাল বা পাছত মৰ্গলৈ গৈ আমি ভাৰতীয় দূতাৱাসৰ লগত সহযোগ কৰাৰ প্ৰয়াস কৰো। গোটেই ঘটনাটোত স্বাভাৱিকভাৱে ৰাইজ ক্ৰোধিত হৈছে, মোৰ ওপৰত খং উজাৰিছে।

জুবিন আমাৰ বাবে ফ্ৰেণ্ড, ফিলছফাৰ, গাইড। আমাৰ অনুষ্ঠান কি কেনেদৰে কৰিম তেওঁৰ লগত আলোচনা কৰিহে তাৰিখ নিৰ্ধাৰণ কৰা হয়। আমি জুবিনৰ উপদেশ মতে আগুৱাই যাওঁ। অসংখ্য ভিডিঅ’ত জুবিনে কৈছে যে অনুষ্ঠানবোৰ শ্যামকানু আৰু মই একেলগে পাতিছোঁ। এনেকুৱা এজন মানুহৰ মৃত্যু মোৰ বাবে আপোন সত্তাৰ মৃত্যু। মই মানসিকভাৱে বিধ্বস্ত, বহুতে ফোন কৰিছে ফোন ধৰাৰ অৱস্থাত নাছিলোঁ।

আমাৰ অনুষ্ঠানসমূহত অসমৰ ভাল কথাখিনি নিবলৈ প্ৰয়াস কৰোঁ। চাহ, অগৰ, পৰ্যটন, মুগা, বিহু, সত্ৰীয়া, জনগোষ্ঠীয় সংস্কৃতি, কৃষিজাত সামগ্ৰী আমি অনাৰ চেষ্টা কৰোঁ। অসমৰ সম্পদ, সংস্কৃতি জগতৰ মহীৰূহ জুবিন আমাৰ ব্ৰাণ্ড এম্বাচাদৰ। ভাৰতৰেই এক বৃহৎ অনুষ্ঠানটোত জুবিন থকাটো স্বাভাৱিক। ভৱিষ‍্যতেও বিশ্বৰ যিকোনো প্ৰান্তত আমাৰ অনুষ্ঠান হ’লেও জুবিন গ’লহেঁতেন। তেওঁক নিনিওঁ বা নাহিবি বা আহিবই লাগিব বুলি ক’বলৈ মোৰ সাহস নাই। ছিংগাপুৰত লগ পাই জুবিনক দলটোৰ সন্মুখত কৈছিলোঁ হোটেলতে থাকি জিৰণি ল’বি। তেওঁৰ লগত কিয় লাগি থকা নাছিলোঁ বুলি মোক সকলোৱে জবাবদিহি কৰিছে। আমাৰ অনুষ্ঠানৰ বাবে আমাৰ লগত উত্তৰ-পূবৰ পৰা বৃহৎ দল আহিছে। আমি দলবোৰ অনা-নিয়া বা ৰখা, প্ৰদৰ্শনী নিৰ্মাণ ইত‍্যাদি অনুষ্ঠান আয়োজনত ব‍্যস্ত আছিলোঁ। আগতেও জুবিন আহে, আমি একেৰাহে লাগি নাথাকো। বিশেষকৈ বিদেশত অচিনাকি ঠাইত বাকী আয়োজন কৰাটো বৃহৎ প্ৰত্যাহ্বান। আগতেও স্থানীয় অসমীয়া সমাজে জুবিনক সহযোগিতা কৰে। এইবাৰো অসম এচছিয়েচনে জুবিনক বিমান বন্দৰত আদৰণি জনাই লৈ আনিছিল। ১৭ তাৰিখে সন্ধিয়া ছিংগাপুৰলৈ আহি অতি উৎসাহী হৈ আছিল জুবিন। ২০ তাৰিখে আমাৰ অনুষ্ঠানত ভূপেনদাৰ প্ৰতি কেনেকৈ শ্ৰদ্ধাঞ্জলি দিব পাৰি আমি দুয়ো মিলি বহু আলোচনা কৰিছিলোঁ। ভূপেনদাৰ এশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এটা ভিডিঅ’ কৰিছিলোঁ। পাছফালে ভিডিঅ’টো চলিব আৰু ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’ গীতটোৰে আমি লৈ যোৱা অসমীয়া দলটোৱে এটা নৃত্য প্ৰদৰ্শন কৰিব। ছিংগাপুৰত থকা বিভিন্ন ৰাষ্ট্ৰদূত, মন্ত্ৰী, উদ‍্যোগপতি থকা অনুষ্ঠানত সঞ্জীৱ নাৰায়ণে প্ৰকাশ কৰা ভূপেনদাৰ কিতাপখন উন্মোচন কৰাৰ কথা আছিল। ‘নিয়ৰৰ ফুল’ গীতটো গীটাৰ লৈ গাব বুলি জুবিনে নিজেই পৰিকল্পনা কৰিছিল। নিয়তিয়ে এইখিনি হ’বলৈ নিদিলে॥ সত্যখিনি এয়াই। আমাৰ ওপৰত সম্পূৰ্ণ তদন্ত হওক, আমাৰ লুকুৱাবলৈ একো নাই। উপৰুক্ত সকলো কথা তথা তথ‍্য, সত‍্যৰ ওপৰত প্ৰতিষ্ঠিত। আৰক্ষীয়ে কৰা সকলো তদন্তত আমি সম্পূৰ্ণ সহযোগিতা কৰিম।

মোৰ অতি মৰমৰ ভগ্নীসদৃশ গৰিমাই জুবিনক আৱৰি ৰাখিছিল। এইটো গৰিমাৰেই নহয়, সমগ্ৰ দেশখনৰ বাবে বৃহৎ ক্ষতি। গোটেই দলটো শোকত বিধ্বস্ত হৈছে, অসমীয়া ৰাইজ বিধ্বস্ত, এই সময়ত সমবেদনাৰ ভাষা নাই। সমগ্ৰ ৰাইজৰ লগত আমি এই বেজাৰৰ সমভাগী, সকলো ৰাইজলৈ সেৱা আৰু ক্ষমা প্ৰাৰ্থনা কৰিলোঁ।

শ্ৰদ্ধাৰে,
শ‍্যামকানু মহন্ত

You might also like