নিয়মীয়া বাৰ্তা, কাকজান, ২৩ ছেপ্টেম্বৰ : আউনীআটী বিশ্ববিদ্যালয়ত আজিৰ দিনটোও জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত হৈ পৰে। মহান শিল্পীগৰাকীৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপণ কৰি বিশ্ববিদ্যালয় পৰিসৰত অনুষ্ঠিত হয় এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে উপাচাৰ্য ড° প্ৰকাশজ্যোতি বৰঠাকুৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। তাৰ পাছতে পঞ্জীয়ক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই মাল্যাৰ্পণৰ জৰিয়তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰীক্ষা নিয়ন্ত্ৰক কৌস্তুভমণি বৰদলৈয়েও ধূপ জ্বলাই আৰু পুষ্পাঞ্জলি তৰ্পণৰে শ্ৰদ্ধা আগবঢ়ায়। ইয়াৰ পিছতেই শিক্ষাৰ্থী আৰু অধ্যাপক-অধ্যাপিকাসকলেও শ্ৰদ্ধা নিবেদন কৰে। বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ড° ৰাজদ্বীপ বৰগোহাঁয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ অংশ ৰূপে উপাচাৰ্য ড° প্ৰকাশজ্যোতি বৰঠাকুৰ আৰু পঞ্জীয়ক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই নাহৰ গছৰ পুলি ৰোপণ কৰে।
উপাচাৰ্য ড° প্ৰকাশজ্যোতি বৰঠাকুৰে এই সুযোগত মন্তব্য কৰি কয়— “জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰ পৰা শিক্ষা লৈ আমি আগবাঢ়িব লাগিব। এই সময়ৰ আটাইতকৈ প্ৰতিভাশালী শিল্পীগৰাকীৰ মৃত্যু জাতিৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ উপস্থিতি এনে এটা অনুষ্ঠান বা ঠাইত নাছিল য’ত তেওঁ একাত্ম হোৱা নাছিল।”
আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই কয়- “অসমীয়া মানুহৰ আৱেগ আৰু ভালপোৱা জুবিন গাৰ্গৰ জীৱনকালতেও একেবাৰে অকৃত্ৰিম আছিল। সম্ভৱতঃ ভূপেন হাজৰিকাৰ পাছত ইমান গভীৰ ভালপোৱা আৰু স্নেহ অৰ্জন কৰা ব্যক্তি জুবিন গাৰ্গৰ পাছত কোনো কালেই জন্ম নহ’ব। দুখীয়া আৰু পীড়িতসকলৰ দুখ নিবাৰণত তেওঁ সদায় আগভাগ লৈছিল। শিশুসুলভ সৰল হৃদয়ৰ শিল্পীজনে হিংসা-বিদ্বেষক ঠাই নিদিয়াকৈ উদাৰতাৰে পৰিপূর্ণ জীৱন অতিবাহিত কৰিছিল।” অনুষ্ঠানৰ মাজতে বিশেষভাৱে পৰিৱেশন কৰা হয় জুবিন গাৰ্গে আউনীআটী সত্ৰক বিষয়বস্তু হিচাপে লৈ গোৱা এটা গীত, যাৰ জৰিয়তে শিল্পীগৰাকীৰ আধ্যাত্মিক সংযোগ আৰু শিল্প প্ৰতিভাক স্মৰণ কৰা হয়।
বিশ্ববিদ্যালয়ৰ সমগ্ৰ শিক্ষার্থী, অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীসকল উপস্থিত থকা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ অকাল প্ৰয়াণত গভীৰ শোক প্ৰকাশৰ লগতে তেওঁৰ শিল্পীসত্তা আৰু মানৱীয় মূল্যবোধক আগলৈ লৈ যাবলৈ প্ৰতিশ্ৰুতি প্ৰকাশ কৰা হয়।