নিয়মীয়া বাৰ্তা, গেলেকী, ২৩ ছেপ্টেম্বৰ : জনতাৰ শিল্পী, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ খবৰে ৰাজ্যবাসীক শোকস্তব্ধ কৰি ৰখাৰ সময়তে আজি মহান শিল্পীগৰাকীৰ চলি থকা অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য দূৰদৰ্শনত চাই থকা অৱস্থাত নাজিৰাত এগৰাকী প্ৰায় ৫৪ বছৰীয়া সৰবৰহী মহিলাৰ হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে ।
নাজিৰা চাৰিআলিৰ সমীপৰ হনুমান ক্লথ ষ্ট’ৰৰ স্বত্বাধিকাৰী নাৰায়ণ আগৰৱালাৰ সহধৰ্মিণী সুনীতা আগৰৱালাই নাজিৰাৰ বাপুজী পথৰ নিজা বাসগৃহত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া দূৰদৰ্শনত চাই থকাৰ সময়তে প্ৰায় ১১.২৫ বজাত হৃদৰোগত আক্ৰান্ত হোৱাত লগে লগে সৰবৰহী মহিলাগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত সুনীতা আগৰৱালাই স্বামীৰ লগতে এজন পুত্ৰ আৰু দুগৰাকী কন্যাক ইহসংসাৰত এৰি যায়। মহিলাগৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে । সুনীতা আগৰৱালাৰ এই শোকাৱহ মৃত্যুত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।
প্ৰেৰক নেকিব আহমেদ