নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গার্গ : অসাধাৰণ স্পন্দন

জুবিন গার্গ : অসাধাৰণ স্পন্দন
ড০ গীতাঞ্জলি বৰুৱা

১৯ ছেপ্টেম্বৰ, অসমবাসীৰ বাবে এক অভিশপ্ত দিন৷ সেইদিনা চাগে সকলো ব্যস্ত আছিল তেওঁলোক দৈনন্দিন কাম–কাজত৷ বিদ্যালয়, মহাবিদ্যালয়সমূহ পৰীক্ষাৰ ব্যস্ততাত নিমগ্ণ হৈ পৰিছিল৷ ২.৩০মান বজাত কলেজত ক্লাছ, পৰীক্ষা আৰু ছাত্র একতা সভাৰ বাবে হ’বলগীয়া নির্বাচনৰ কিছু দায়িত্ব সমাপ্ত কৰি কলেজ কেণ্টিনলৈ বুলি ভাত খাবলৈ গৈছিলোঁ৷ তেতিয়াই নিউজত শুনিলোঁ ছিংগাপুৰতNorth East Festival ত অংশগ্রহণ কৰিবলৈ যোৱা জুবিন গার্গৰ অকস্মাৎ দুর্ঘটনাৰ কথা৷ এক মিনিট ভগৱানক মিনতি কৰিলোঁ সোনকালে সুস্থ হৈ উঠক বুলি৷ কিন্তু কিছু মুহূর্তৰ পাছতেই আহিল সপোনতো নভবা সেই অনাকাংক্ষিত খবৰটো৷ মূৰত যেন বজ্রপাতহে পৰিল৷ দুচকুৰে নিগৰি গ’ল চকুলোৰ ছুনামি৷ সাগৰৰ তলিত শুই পৰিল গানৰ মুকুতা৷ তেওঁৰ অকাল মৃত্যু অসহনীয়, অবিশ্বাস্য আৰু অন্তহীন বেদনাদায়ক৷ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গার্গৰ অকাল প্রস্থানত স্তম্ভিত সকলো, সকলো ম্রিয়মাণ৷ তেওঁৰ এই অকাল প্রস্থানে অসমৰ সাংস্কৃতিক জগতখনক একেবাৰে নিঃস্তব্ধ কৰি পেলালে৷ দিশহাৰা আজি অসমীয়া জাতি… এটা যুগৰ অন্ত পৰিল… চৌদিশে যেন এক বিশাল শূন্যতা… জীৱন্ত কিংবদন্তিগৰাকী মাত্র ৫২ বছৰ বয়সতে ফটো হৈ যোৱাৰ কথাটো মনটোৱে মানি ল’বলৈ টান পাইছিল৷ শ্রদ্ধাঞ্জলি জনাবলৈ গৈ চাকিগছ জ্বলাওঁতে, ফটোত ধূপকেইডাল ফুৰাওঁতে হাত দুখন থৰথৰকৈ কঁপি উঠিছিল৷

জুবিন গার্গ এজন ব্যক্তি নহয়– তেওঁ নিজেই এটা অনুষ্ঠান, এটা আন্দোলন, এটা সমাজ, এটা জাতি, এটা যুগ৷ তেওঁৰ মৃত্যুত কেৱল এটা যুগৰ পৰিসমাপ্তি নহয়, অসমীয়াৰ আত্মাৰ এক অংশ যেন ছিঙি গ’ল৷ দুজন জীৱন্ত কিংবদন্তি আমাৰ প্রজন্মই পালে৷ কিন্তু আমাৰেই দুর্ভাগ্য যে আমি দুয়োজনকে হেৰুৱালোঁ৷ অসমবাসী আজি গভীৰ শোকত নিমগ্ণ, নিমজ্জিত৷ পায়ো হেৰুৱাৰ শোকত আচ্ছন্ন সকলো৷ অসমীয়াৰ বাবে যোৱাৰাতি নিশা নহ’ল৷ জুবিনবিহীন পৃথিৱীৰ কল্পনাই নিদ্রা কাঢ়ি লৈ গ’ল৷ ওৰেৰাতি কাণত বাজি থাকিল তেওঁৰ সৃষ্টিবোৰ৷ জুবিন গার্গ–নাম নহয়, যেন সংগীতৰ এক মনোৰম অনুষ্ঠান৷ যাৰ কণ্ঠত অমৃতৰ সুৰ বৰষে, যাৰ সুৰত তন্দাৰতাৰ তন্দ্রা গুচি যায়, নিদ্রাহীন চকুতো সপোনে লুকাই চায়, সেই কণ্ঠই যেন সজীৱ কৰে মর্ত্য–পৃথিৱী৷ জুবিন অসমীয়া সংগীত জগতৰ এক মাইলৰ খুঁটি৷ জীৱন দি ভাল পাব পৰা এটি নাম৷ মানুহক নিঃস্বার্থভাৱে ভালপোৱাৰ এক জীৱন্ত প্রতিমূর্তি৷ কাকো কেয়াৰ নকৰা এক কণ্ঠ৷ কিন্তু সেই কণ্ঠত থাকে গভীৰ সহানুভূতি, হূদয়ৰ গভীৰতাৰে উপচি পৰা স্নেহ৷ বিপদ–আপদত তেওঁ সদায় থিয় দিয়ে সেইসকলৰ ওচৰত যিসকলে কল্পনাই কৰিব নোৱাৰে তেওঁৰ দৰে এজন অসাধাৰণ মানুহো হ’ব পাৰে ইমান সাধাৰণ৷ যি অন্তৰত সাঁচি ৰাখে অসাধাৰণ হিয়া৷ সেয়েহে গানৰ ব্যাকুলতাৰ মাজতো জুবিনৰ আছিল এখন নিজৰ পৃথিৱী– গীতৰ সুৰেৰে গাথা, অনুভৱৰ সূতাৰে বোৱা পৃথিৱী য’ত লাখ লাখ মানুহে বিচাৰি পাইছিল আশ্রয়, মৰম আৰু চিৰকালৰ লগ৷ সেই পৃথিৱীত জুবিন কেৱল এজন গায়ক নাছিল, আছিল এক অনুভৱ, এটা প্রেৰণা, জীৱনৰ সহযাত্রী– এজন সংগী, এজন জীৱনচাৰক৷ জুবিন গার্গ হ’ল অসমত ভগৱানে দিয়া এক অনুপম উপহাৰ৷

মাত্র তিনি বছৰ বয়সৰ পৰা গান গোৱা জুবিনে ১৩ বছৰ বয়সত প্রথম গীত ৰচনা কৰিছিল৷ অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা জুবিন গার্গ এনে এগৰাকী শিল্পী, যাৰ কণ্ঠস্বৰে সংগীত কেৱল সুৰ আৰু শব্দৰ মাধুৰী নহয়–সমাজ, সময় আৰু সংস্কৃতিক একেটা সুৰতে গাঁথি লৈ গৈছিল৷ তেওঁ কেৱল কণ্ঠশিল্পী হিচাপে নহয়, সময়সাক্ষী, সমাজবীক্ষক আৰু প্রগতিৰ পথিক হিচাপে স্বীকৃত এক সত্তা৷ তেওঁৰ সংগীতত সময়ে কথা কয়, সংস্কৃতি সুৰৰ মাধুৰীত উদ্ভাসিত হয় আৰু মনুষ্যত্বে অন্তৰত কোমল স্পন্দন তোলে৷ তেওঁ কেৱল সংগীতজ্ঞই নহয়, দর্শন, সাহিত্য আৰু সমাজৰ প্রতি তেওঁৰ গভীৰ বুজাবুজিৰো এটি প্রতিফলন৷ জুবিনৰ জীৱনৰ বা চিন্তাৰ সূচনা এক সৰু ‘বিন্দু’ পৰা আৰম্ভ হয়, যি বাঢ়ি গৈ সিন্ধুৰূপে পৰিণত হয়৷ এটা সৰু সুৰ, এটি অনুভূতি বা এটি শব্দপুঞ্জে সংগীতৰ এক বিশাল জগতৰ দুৱাৰ খুলিব পাৰে– এয়া হৈছে জুবিন গার্গৰ শিল্পজীৱনৰ অন্তর্নিহিত দর্শন৷ জুবিন গার্গৰ সংগীত যাত্রা এটা ‘হূদয়ৰ সংগীত’–য’ত মাদকতা আছে, কিন্তু সেই মাদকতাই মাত্র মূৰ চক্রোৱা নহয়, মনোভাবো উন্মেলিত কৰে, ই ভবায়, হূদয়তো তীব্র ঢ়ৌ উঠায়, স্পর্শ কৰে আৰু মনুষ্যত্ব জাগ্রত কৰে৷ তেওঁৰ গীতৰ মাজেৰে আমাৰ ভাষা, সংস্কৃতি, অনুভৱ আৰু চিন্তাধাৰাই এক নতুন ৰূপত উজ্জ্বল হয়৷ সেয়েহে জুবিনৰ গীত কেতিয়াবা একাকীত্বৰ সংগী, কেতিয়াবা আন্দোলনৰ মাত আৰু সদায়েই এটি মানৱতাৰ প্রতিবিম্ব৷ তেওঁৰ গীতসমূহ যুৱপ্রজন্মৰ বাবে এক প্রকাৰৰ চিকিৎসা, একপ্রকাৰ ‘মিউজিক থেৰাপী’৷ সুখ, দুখ, আনন্দ, বিষাদ সকলোতে জুবিনৰ গান৷ জীৱনৰ প্রতিটো পল আৰু হূদয়ৰ এক অন্তৰংগ সংগী হৈ পৰে সেই গান৷ সুখত তেওঁৰ গান উৎসৱৰ ৰঙেৰে মন ভৰায়, দুখত সেই গানেই হয় সাহাৰা, যেন চকুপানীৰে মুখ মচি দিয়ে, আনন্দত এক উল্লাস আৰু বিষাদত তেওঁৰ কণ্ঠই এজন বন্ধুৰ দৰে হৈ পৰে৷

১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক সংগীতত স্বর্ণ পদক অর্জনেই জুবিন গার্গৰ সংগীত জীৱনৰ দিশ পৰিৱর্তন কৰা এক টার্নিং পইণ্ট আছিল৷ এই সফলতাৰ জৰিয়তে তেওঁ প্রথমবাৰৰ বাবে কণ্ঠশিল্পী হিচাপে আত্মবিশ্বাস আৰু স্বীকৃতি পাইছিল৷ সেই চনতে জুবিনৰ প্রথমটো এলবাম ‘অনামিকা’ই মুক্তি লাভ কৰে, যি সমগ্র উত্তৰ–পূব ভাৰতত ইনষ্টেণ্ট হিটৰূপে জনপ্রিয়তাৰ শীর্ষত আৰোহণ কৰিছিল৷ ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জডিত হৈ পৰে৷ একৈছ শতিকাৰ অসমীয়া সংগীতৰ পৰিসৰক নতুনকৈ সংজ্ঞায়িত কৰি, তেওঁ এটি সৃষ্টিশীল নতুন দিগন্ত উন্মোচন কৰিছিল৷ তাৰ পিছত আৰু জুবিনে পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল৷ মুনিন বৰুৱাৰ ‘হিয়া দিয়া নিয়া’ ছবিখনৰ যোগেদি সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰা জুবিন গার্গৰ সংগীতে অসমীয়া ছবিৰ বাণিজ্যিক দিশটোক বহুখিনি সহায় কৰিছিল৷ অকল সংগীততে নহয়, অভিনয় জগততো নিজৰ অসাধাৰণ অৱদানৰে খলকনি তুলিছিল জুবিনে৷ ৪০টা বিভিন্ন ভাষাত ৯,০০০ তকৈ অধিক গীতত কণ্ঠদান কৰিছে জুবিন গার্গে৷ তেওঁ একে ৰাতিতে ৩৬টা গীতrecord কৰি সংগীতৰ পথাৰখনত গীতৰ লহৰ তুলিছিল৷ ৩৩ বছৰৰ কেৰিয়াৰত ২৪খনতকৈ অধিক অসমীয়া চলচ্চিত্রৰ সংগীত পৰিচালনা, ৩৮,০০০ৰো অধিক গীত ৰেকর্ড কৰিছে, যিটো ভাৰতীয় সংগীত জগতত এক অভূতপূর্ব কৃতিত্ব৷ অসমৰ কবি–সাহিত্যিক–গীতি হীৰেন ভট্টাচার্যই জুবিন গার্গৰ জনপ্রিয়তা সম্পর্কে কৈছে– জুবিন সঁচাই আচৰিত৷ ইমান কম বয়সতে, ইমান সোনকালে জনপ্রিয়তা লাভ কৰা দেখি আচৰিত হওঁ৷ জুবিন কোনো ৰেডি’ৰ শিল্পী নহয়৷ দূৰদর্শনৰ শিল্পী নহয় বা তেনেধৰণৰ কোনো বেকগ্রাউণ্ডো নাই৷ জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্রিয়তা পাইছে নিঃসন্দেহে৷

জুবিনৰ সৃষ্টিত মাদকতা আৰু মানৱতাৰ এক অপূর্ব সংমিশ্রণ দেখা যায়৷ জুবিনৰ কণ্ঠস্বৰ নিজেই এক মাদকতা৷ সেই মাদকতা অনুভৱ কৰিব পৰা যায় গীতৰ সুৰত, গলাই থকা কঁপনিৰ স্পর্শত আৰু শব্দৰ ভাঁজত৷ তেওঁৰ গীতে কেতিয়াবা যদি গভীৰ প্রেমৰ বোলৰ মাজেৰে আত্মাৰ গভীৰতা উন্মোচিত কৰে, কেতিয়াবা আকৌ এক নির্জন জগতলৈ যাত্রা কৰে৷ গীতৰ মাজেৰে গভীৰ শ্রদ্ধাৰে স্মৰণ কৰা হৈছে দেশপ্রেমৰ লগতে যোদ্ধাৰ বলিদানক৷ তেওঁৰ গীতত থকা সুৰ আৰু কণ্ঠৰ একত্রতাই সৃষ্টি কৰে এটা ধবনিসৌন্দর্য, যিয়ে মানুহক বাস্তৱৰ পৰা এক ধ্যানৰ অৱস্থালৈ লৈ যায়৷ জুবিনৰ গীত কেৱল প্রেম, বেদনা বা প্রকৃতিৰ ব্যাখ্যা নিদিয়ে, ই এক শক্তিশালী সামাজিক বার্তাও বহন কৰে৷ গীতৰ জৰিয়তে প্রায়ে সমাজৰ দুখ–দুর্দশা, আশা–নিৰাশাৰ ছবি কঢ়িয়াই ফুৰা মানৱতাৰ গায়কজনেই হৈছে এই জুবিন গার্গ৷ প্রকৃতি আৰু জীৱ–জন্তুপ্রেমী জুবিন গার্গৰ গছ–গছনিৰ সৈতে আছে এক নিবিড সম্পর্ক৷ জীৱ–জন্তুৰ প্রতি থকা আকণ্ঠ মৰম, স্নেহ আৰু যত্নই তেওঁক সমাজৰ বাবে এক আদর্শ ব্যক্তিত্বৰূপে গঢ়ি তুলিছে, যিয়ে মানৱ–প্রকৃতি সম্পর্কক উন্নত কৰি পৰিৱেশৰ সুৰক্ষাত গুৰুত্বপূর্ণ অৱদান আগবঢ়াইছে৷ ‘মায়াগংগা’, অসমৰ নদী আৰু প্রকৃতিৰ সৌন্দর্যৰ সৈতে সংপৃক্ত মানৱিক অনুভূতি৷ তেওঁৰ বহু গীতে হূদয় স্পর্শ কৰে – বিশেষকৈ যিসকল গীতত গভীৰ অনুভৱ, সোঁৱৰণি আৰু প্রেমৰ মূর্ছনা থাকে৷ যদি কোনোবাই প্রেমত ভাগ্যহীন হোৱা অনুভৱ কৰিছে, তেতিয়া সেই গীত তেওঁৰ অন্তৰৰ কণ্ঠস্বৰ হৈ উঠে৷ গীতৰ কথাবোৰ আৰু জুবিনৰ গলৰ আৱেগে মনক সলাই দিয়ে৷ তিনি দশক ধৰি অসমীয়া সংগীত জগতৰ ভঁৰাল চহকী কৰি অহা জুবিন গার্গ বিহু, লোকগীত, ভক্তিমূলক গীত, বৰগীত, দেহ বিচাৰ গীত তথা বিভিন্ন জনগোষ্ঠীৰ সংগীত– সকলোতে তেওঁৰ কণ্ঠই এক বিশেষ সোৱাদ, এক ব্যতিক্রম অনুভৱ আগবঢ়ায়৷ যি সময়ত জুবিন গার্গbollywood ত গীত গাবলৈ মুম্বাইত আছিল, সেই সময়ত জুবিন গার্গক বিহু গীত গোৱাবলৈ অসমৰ পৰা মানুহ গৈ মুম্বাই পাইছিলগৈ৷ কিয়নো সেই সময়ত জুবিন গার্গে গীত গালেহে চিডি কেছটসমূহ হিট হৈছিল৷

জুবিন গার্গৰ গীতসমূহত ফাগুন, এন্ধাৰ, জোনাক আদি শব্দবোৰ বিশেষ প্রতীতিমূলক ৰূপত ব্যৱহাৰ কৰা দেখা যায়, যি গীতবোৰত এক কাব্যিকতা আৰু গভীৰ অনুভৱ সৃষ্টিৰে সহায় কৰে৷ গীতবোৰৰ হূদয় জুৰোৱা সুৰ আৰু বাঁহীৰ দৰদী ধবনিয়ে সংগীতটোক আলংকাৰিক সৌন্দর্যৰে ভৰপূৰ কৰি তোলে৷ যি ভাষাই নহওক কিয় জুবিন গার্গৰ গায়নশৈলীত স্পষ্ট শব্দৰ উচ্চাৰণ গীতবোৰৰ অন্যতম আকর্ষণ৷ বাদ্যযন্ত্রৰ সূক্ষ্ম প্রয়োগ, ছাউণ্ড ডিজাইনৰ অভিনৱতা আৰু সংগীত প্রস্তুতিক লৈ জুবিন গার্গৰ সৃষ্টিত প্রতিটো দিশতে তেওঁৰ সৃজনশীলতা আৰু নিখুঁততা স্পষ্টকৈ প্রকাশ পাইছে৷ জুবিন গার্গ এনে এগৰাকী দক্ষ সুৰকাৰ যাৰ সুৰতেই কবিতায়ো প্রাণ পাই উঠে এটা গীতলৈ ৷ জুবিনে ‘গানে কি আনে’, ‘ফুলেৰে সজালো’, ‘এন্ধাৰে এন্ধাৰে’, ‘বকুল ফুলৰ দৰে’, ‘জোনাকৰ পখী উৰে’, ‘হেৰো বাঁহীৰ’ দৰে কেইবাটাও হীৰেন ভট্টাচার্যৰ (হীৰুদা) কবিতাক জনপ্রিয় গীতলৈ ৰূপান্তৰ কৰিছে৷ আজিৰ পৰা বিশ–পঁচিশ বছৰ আগতে জুবিন গার্গে যিবোৰ গান সৃষ্টি কৰিছিল, সেই সৃষ্টিসমূহত জুবিন গার্গৰ সেই সময়ৰ প্রেম–ভালপোৱা আৰু আৱেগ–নুভূতিসমূহ জডিত হৈ আছিল৷ যাৰ বাবেই নব্বৈ দশকৰ সন্ত্রাসজর্জৰিত অস্থিৰ অসমখনক লৈ ‘অন্ধ আকাশ ৰুদ্ধ বতাহ’, ‘সোণেৰে সজোৱা পঁজা’, ‘জগত পোহৰ কৰি আহিব প্লাৱন’ৰ দৰে কেইবাটাও চিৰযুগমীয়া গীতৰ সৃষ্টি হোৱাত সহায় হৈছিল৷ জুবিন গার্গৰ জনপ্রিয় এলবামসমূহ শুনাৰ পাছত অনুভৱ কৰিছিলোঁ– অসমীয়াৰ সংগীতৰ গগনত এটি নতুন সূর্য উজলি উঠিছে, যাৰ পোহৰে বহু হূদয়, বহু সমাজ উজলাই তুলিব৷

সুৰৰ যাদুৰে লাখ লাখ মানুহৰ হূদয় স্পর্শ কৰা জুবিন গার্গে কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনৰ জৰিয়তে শিশুৰ শিক্ষা আৰু স্বাস্থ্যৰ বাবে কাম কৰি গৈছিল৷ এইড্ছ, মগজুৰ কর্কট ৰোগ আৰু মানসিকভাৱে অক্ষম ব্যক্তিৰ সহায়ৰ বাবে বিভিন্ন দাতব্য সংস্থাৰ সৈতে জডিত আছিল জুবিন৷ দৰিদ্রজনৰ বিপদত সহায়ৰ হাত আগবঢ়াই আহিছে এয়াই হৈছে প্রকৃত এজন শিল্পীৰ উদাহৰণ৷

ব্যক্তিগত সান্নিধ্যঃ লখিমপুৰৰ সোঁৱৰণি
জুবিন গার্গৰ সান্নিধ্য লাভ কৰিছিলোঁ ২০০৫ চনত, লখিমপুৰৰ ঘৰত৷ এক অনুষ্ঠানত অংশ গ্রহণ কৰাৰ উদ্দেশ্যে জুবিন উপস্থিত হৈছিল লখিমপুৰত৷ ভাইটিৰ কলেজীয়া বন্ধু জুবিন৷ বন্ধুক লগ কৰিবলৈ ৰাজেশ ভূঞাৰ লগত উপস্থিত হৈছিল আমাৰ ঘৰত৷ শাহুমায়ে ৰন্ধা বুটৰ দাইল খাই বৰ ভাল পায় বোলে৷ শিশুসুলভ আচৰণ, ব্যক্তিত্ব, অন্তর্নিহিত পৱিত্রতা, সহজ–সৰল মন, নিষ্কলুষভাৱে মুগ্ধ কৰিছিল সৰুৰ পৰা ডাঙৰলৈকে৷ আচৰণত প্রতিফলিত হৈছিল মানৱীয়তা, সহানুভূতিৰে ভৰপূৰ হূদয়, সঁচা বন্ধুৰ ৰূপ, বিচাৰমুক্ত মৰমৰ প্রতীক, সৰলতা আৰু আন্তৰিকতা৷ দুচকুত ফুটি উঠিছিল সাগৰ বগৰা সপোন, আকাশ চেৰাই উৰা মাৰিবলৈ অজেয় স্পৃহা আৰু অসমীয়াৰ বাবে হূদয় উজাৰি দিয়াৰ এক অবিচল প্রতিশ্রুতি৷ গাত ফুলফুলীয়া ছার্ট– পেণ্ট, হাতত খাৰু, ডিঙিত মণি– যেন শিল্পৰ চলন্ত ৰূপ৷ সঁচাকৈ, ল’ৰাটো আছিল একক, অনন্য, ব্যতিক্রমী আৰু মোহনীয় শক্তিৰ আধাৰ৷

জুবিন গার্গ এনে এজন ব্যক্তি যি দশকৰ পিছত দশক ধৰি মানুহৰ হূদয়ত স্থান পাবলৈ সক্ষম হৈছে৷ শিশুৰ পৰা বৃদ্ধলৈ সকলো জুবিন গার্গৰ গীতৰ অনুৰাগী৷ অসমত জুবিন গার্গক অনুকৰণ কৰিয়েই বহু শিল্পীৰ জন্ম হ’ল৷ তাতকৈ আৰু এটা জাতিক এজন ব্যক্তিয়ে কিমান উপহাৰ দিব৷ জুবিন গার্গৰ গীতৰ অবিহনে অসমীয়াৰ হিয়াৰ আমঠু বিহু আধৰুৱা৷ গান আৰু শব্দৰ সুৰীয়া যুগলবন্দীৰে অসম আৰু অসমীয়াক প্রায় চাৰি দশকজুৰি আৱেগিকভাৱে বান্ধি ৰখা শিল্পীগৰাকীৰ মহাপ্রয়াণ ঘটিল৷ অজান মুলুকলৈ ধাপলি মেলিলে হার্টথ্র’ব জুবিন গার্গ৷ অৱসান ঘটিল এটা যুগৰ৷ অস্তমিত হ’ল অসমৰ সংগীত সূর্য৷ তেওঁৰ বহুমুখী প্রতিভা, সামাজিক কাম আৰু জনপ্রিয়তাই তেওঁক অসমৰ সাংস্কৃতিক জগতৰ এজন প্রতীকী ব্যক্তিত্ব কৰি তুলিছে৷ অসমীয়া নতুন সংগীতৰ দিশত দৃঢ় নেতৃত্ব প্রদান কৰি, এক জটিল সময়ত অক্লান্তভাৱে সুৰৰ যুদ্ধত অবিৰত সৈনিক ৰূপে অৱতীর্ণ হৈ অসমীয়া ভাষা–সংস্কৃতিক স্থান দিয়া সংগীতৰ ৰজা জুবিন গার্গলৈ হূদয়ৰ গভীৰতম কোণৰ পৰা জনাইছোঁ গভীৰ শ্রদ্ধাঞ্জলি৷ চৌদিশে যি বিশাল শূন্যতা অনুভৱ কৰিছোঁ সি পূৰণ নহয়, মাথোঁ অনুভৱ হ’ব যুগে যুগে৷ জুবিন অসমীয়াৰ মনত যেনেকৈ কালি আছিল, আজিও আছে আৰু সদায়েই থাকিব৷

লেখিকা নর্থবেংক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা

ফোন : ৭০০২৩–৪৮৪৪০

You might also like