শৰতো যেন আজি ম্রিয়মাণ… জুবিনৰ অনুপস্থিতিত নাই দুর্গোৎসৱৰ উছাহ
লক্ষ লক্ষজনক শোক সাগৰত পেলাই, লক্ষ লক্ষজনৰ বুকুত অজস্র শকতি গুঁজি লৈ অন্তিম শেতেলিত শুই পৰিল যুগনায়ক জুবিন গার্গ৷ দবা–শংখ আৰু তোপধ্বনিত অৱসান ঘটিল এটা সোণসেৰীয়া যুগৰ৷
নিতাল–নিস্তব্ধতাৰ মাজত সকলোৰে বুকুত কেৱল ধ্বনিত হৈছে প্রিয় মানুহজনৰ জীৱন জুৰোৱা গান৷ বুকুত এটি অজানা দুখ দি জুবিন গার্গ গ’লগৈ৷ কিন্তু মহানায়কজনৰ অনুপস্থিতিত শৰতো আজি ম্রিয়মাণ৷ শৰতৰ নিয়ৰসনা পুৱা হঠাৎ সৰগত জুবিনক পাই এইবাৰ মর্ত্যলৈ যেন নামি আহিব বিচৰা নাই মা দুর্গা দেৱীক স্বাগতম জনাই ৰাজ্যত মহালয়াৰ আয়োজন চলিছিল৷
পূর্ব পৰম্পৰা ৰক্ষা কৰি মহালয়াৰ নীতি–নিয়মৰ যো–জা চলিছিল৷ মহালয়াৰ কাহিলিপুৱা লুইতৰ পৰা ৰিব্ ৰিব্কৈ বৈ অহা শৰতৰ বতাহজাকৰ আমেজ ল’বলৈ সকলো সাজু হৈছিল৷ কিন্তু সেই সময়তেই সকলোৰে মূৰত সৰগ ভাগি পৰাৰ দৰেই বিদেশৰ পৰা আহিল অনাকাংক্ষিত খবৰটো৷
শিল পৰা কপৌৰ দৰে থৰ হৈ গ’ল অসমখন৷ নিজৰ ঘৰৰ কোনো এজন সদস্য ঢুকোৱাৰ দৰেই সকলোৰে ঘৰত পৰিৱেশ৷ বাক্ৰুদ্ধ, সন্মুখত অন্ধকাৰ৷ ক্রমাৎ লাইট জ্ব্বলাবলৈ লোৱা দোকান–পোহাৰবোৰ সন্ধিয়াৰ বুকুত নামি অহা আন্ধাৰৰ লগত মিলি গ’ল৷ অঘোষিত বন্ধ৷
জুবিনৰ অনুপস্থিতিত ৰাজপথ, গলিবোৰেও উচুপিব ধৰিল৷ কল্পনাতীত খবৰটো পাই নিজৰ জীৱিকাৰ যি দোকানখন বন্ধ কৰিলে, ৪ দিন নুখুলিলে৷ শাৰদীয় দুর্গোৎসৱলৈ মাজত মাথোঁ চাৰিটা দিন৷ সেই লৈও কোনোজনৰ ভ্রূক্ষেপ নাই৷ মৃণ্ময় শিল্পীজনৰ হাতখন, ৰং–তুলিকাবোৰ এইকেইদিন থমকি গ’ল৷
দুর্গাপূজাৰ মণ্ডপ তৈয়াৰ কৰাসকলেও কাম এৰি জয় জুবিনদা ধ্বনি দিয়াত ব্যস্ত হৈ পৰিল৷ আনকি দুর্গাপূজাৰ প্রাক্ক্ষণত ফুটপাথবোৰৰ কাষত বতাহত কোনোবাজন ফেৰীৱালাৰ আঙুলিৰ ঠাৰত বতাহ লাগি হালিজালি থকা ৰং–বিৰঙৰ বেলুন, পুতলাবোৰো দেখিবলৈ নাই৷ সেই স্থানবোৰত জুবিনৰ প্রতিচ্ছবি স্থাপন কৰি সেইসকল ফেৰীৱালাই ভঙা ভঙা অসমীয়াত গাইছে– ‘মায়াৱিনী ৰাতিৰ বুকুত৷’
কাৰণ জুবিন আছিল তেওঁলোকৰ সাহস৷ স্বাভাৱিকতে দুর্গোৎসৱ বুলি ক’লে বজাৰত দেখা উছাহবোৰ যেন বিলীন হৈ গ’ল জুবিনৰ মায়াসনা গীতৰ সুৰত৷ পূজাৰীৰ মন্ত্রোচ্চাৰণত মা দুর্গা পূজিত হ’ব, কিন্তু সেই উছাহ, সেই প্রাণচঞ্চলা পৰিৱেশ এহবাৰ হয়তো আপুনি দেখিবলৈ নাপাব৷ প্রিয় শিল্পীজনক হেৰুৱাই ৰংবোৰ হেৰুৱাই পেলালে৷ স্বাভাৱিক হ’বলৈ হয়তো সময় লাগিব সকলোকে৷
নিয়মীয়া বার্তা, টীয়ক, ২৪ ছেপ্টেম্বৰ