নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত জুবিনৰ স্মৃতিত নাহৰৰ পুলি বিতৰণ

নিয়মীয়া বাৰ্তা, বেদেতী, ২৫ ছেপ্টেম্বৰ : বিহালীৰ ৰাংছালীৰ যুৱক তথা ৰোহন মোহন গ্ৰীন ৱৰ্ল্ড নাৰ্ছাৰীৰ স্বত্বাধিকাৰী হৰেন দাসে জুবিন গাৰ্গৰ স্মৃতিত অঞ্চলটোৰ জনসাধাৰণক একোটাকৈ নাহৰৰ পুলি বিনামূলীয়াকৈ আজি বিতৰণ কৰিছে।

উল্লেখযোগ্য যে হৰেন দাসে পোন্ধৰশ নাহৰৰ পুলি কালি হোজাইৰ পৰা কিনি আনিছে। তেওঁৰ ইচ্ছা- অঞ্চলটোৰ জনসাধাৰণে নিজৰ পদূলিমুখত একোটাকৈ নাহৰৰ পুলি ৰোপণ কৰক।আনহাতে, তেওঁ একক প্ৰচেষ্টাত ইতিমধ্যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে।

প্ৰেৰক ভুবন লুইটেল
You might also like