২০২৬ বৰ্ষত অসম সাহিত্য সভাই প্ৰকাশ কৰিব জুবিন গাৰ্গৰ ৰচনাৱলী
জনতাৰ শিল্পী জুবিন গাৰ্গক লৈ অসম সাহিত্য সভাই গ্ৰহণ কৰিছে এক অভিলাসী পদক্ষেপ। মহান শিল্পী গৰাকীক পুনৰ এবাৰ বিশ্ব বাসীৰ মাজত পৰিচয় কৰি দিয়াৰ মানসেৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই মৰ্মে অসম সাহিত্য সভাই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কাম ইতিমধ্যেই সম্পন্ন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে । এই ৰচনাৱলী ২০২৬ বৰ্ষত প্ৰকাশ কৰিব অসম সাহিত্য সভাই- এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ।
আজি অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত আয়োজন কৰা এক সংবাদ মেলত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে লগতে কয় যে, এই জীৱনী প্ৰাৰম্ভিক পৰ্য্যায়ত তিনিটা ভাষা ক্ৰমে অসমীয়া , হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশ কৰা হব আৰু পৰৱৰ্তী পৰ্যায়ত যদি অসম বাসী ৰাইজে সহাঁৰি প্ৰদান কৰে , তেতিয়া এই সংকলন দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কন্নড়, মালায়ালম ভাষালৈ অনুবাদ কৰা হব। যিহেতু ইংৰাজী ভাষাত অনুদিত হলেহে জুবিন গাৰ্গৰ সৃষ্টি ৰাজ্যিক দক্ষিণ ভাৰতীয় ভাষালৈ অনুবাদ কৰা সহজ হব।
লগতে সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে, অনুবাদ সাহিত্যক লৈ আমাৰ যথেষ্ট অসুবিধা আছে। কিয়নো অনুবাদকৰ অভাৱ আমি উপলব্ধি কৰি আহিছো। এখন উপন্যাস, গল্প অনুবাদ কৰাতো সহজ যদিও গীত কবিতাৰ অনুবাদ এক জটিল শিল্প। আৰু এই ক্ষেত্ৰত অসম সাহিত্য সভাই চেষ্টা কৰি আছে।
জুবিন গাৰ্গৰ গীত কবিতাৰ সংকলন সমূহ অসমীয়াৰ পৰা ইংৰাজী আৰু হিন্দী ভাষালৈ অনুবাদ কৰিবলৈ আগবাঢ়ি আহিছে ৰাজ্যৰ এগৰাকী বিশিষ্ট অনুবাদক ত্ৰিদিব বৰুৱাই। সংবাদ মেলত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে আৰু উল্লেখ কৰে যে,অসম সাহিত্য সভাৰ আজীৱন সদস্য শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সভাই ভাৰত ৰত্ন প্ৰদানৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে অসম চৰকাৰকো সহযোগ আগবঢ়াবলৈ ইতিমধ্যে আবেদন জনাই পত্ৰ দিছে। এই ক্ষেত্ৰত এক ইতিবাচক সহাঁৰি পাব বুলি তেওঁ আশাবাদী।
তেওঁ আৰু কয় যে জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পী নাছিল, তেওঁ আছিল প্ৰত্যেক গৰাকী অসমীয়াৰ প্ৰাণ, আত্মা স্বৰূপ। যাৰ গীত শুনি ৰাতিপুৱাই, নিশা হয়। এই গৰাকী শিল্পীক সন্মান দিয়াৰ দায়িত্ব আমাৰ সকলোৰে আছে। জুবিনৰ সেই কণ্ঠ আমাৰ মাজত চিৰদিন প্ৰবাহিত হৈ থাকিব। আৰু সেই কণ্ঠ আৰু আৰু তেওঁৰ সৃষ্টিৰাজীক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে। অসম সাহিত্য সভাৰো এই ক্ষেত্ৰত দায়িত্ব আছে।
সেয়ে অসম সাহিত্য সভাই এই মহান কাম ভাগি কৰাৰ প্ৰয়াস কৰা বুলি সংবাদ মেলত জানিবলৈ দিয়ে। ইফালে প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লোৱা পদক্ষেপ ক অসম সাহিত্য সভাই আদৰণি জনোৱাৰ লগতে চৰকাৰে জুবিনৰ শত্ৰু আৰু তুষমোদকাৰি সকলক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিলেহে জুবিনৰ মানৱতাবাদী দৰ্শনে পূৰ্ণতা লাভ কৰিব বুলি উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতি ড বসন্ত কুমাৰ গোস্বামীয়ে।