বিশ্বজুৰি ক’ৰোনাৰ শুশ্ৰষাত ৫০ তকৈ অধিক চিকিৎসকৰ কৰুণ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ চীনত প্ৰাদুৰ্ভাৱ ঘটা প্ৰাণঘাতী ক’ৰোনা ভাইৰাছত বিশ্বত ১৯৫ দেশত ভয়াৱহ সংক্ৰমণেৰে সংহাৰী ৰূপ ধাৰণ কৰিছে । এতিয়ালৈকে ২০ হাজাৰতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে যদিও লক্ষাধিক লোক সুস্থ হৈ উঠিছে ।
চীনৰ পৰা ইটালীলৈকে, পাকিস্তানৰ পৰা আমেৰিকালৈকে এই ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীক শুশ্ৰষাৰ বাবে জীৱন উৎসৰ্গা কৰা চিকিৎসক মৃত্যুৰ সংখ্যা ইটালীত সৰ্বাধিক ।
তথ্য মতে ইটালীত ২৩ জনতকৈ অধিক চিকিৎসকে প্ৰাণ হেৰুৱাইছে ।