মহিলা বিশ্বকাপ : জুবিন গার্গ ফেন ক্লাবৰ সদস্যলৈ ৫ হাজাৰ বিনামূলীয়া টিকট
বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰ : আসন্ন মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট সন্দর্ভত এখন সংবাদ মেল আয়োজন কৰে অসম ক্রিকেট সন্থাই৷ বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়া আৰু এচিএৰ সম্পাদক ত্রিদিব কোঁৱৰৰ অধ্যক্ষতাত অনুষ্ঠিত সংবাদ মেলত গুৱাহাটীত হ’বলগীয়া প্রতিযোগিতাখনৰ খেল সন্দর্ভত কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হয়৷
৩০ ছেপ্টেম্বৰত ভাৰত–শ্রীলংকাৰ মাজত হ’বলগীয়া উদ্বোধনী মেচখনত জুবিন গার্গলৈ শ্রদ্ধাঞ্জলি অর্পণ কৰা হ’ব৷ তদুপৰি জুবিন গার্গ ফেন ক্লাবৰ সদস্যলৈ ৫ হাজাৰ বিনামূলীয়া টিকটৰ ব্যৱস্থা কৰিছে এচিএই৷ আইচিচিৰ অধ্যক্ষ জয় শ্বাহ, বিচিচিআইৰ বিষয়ববীয়া উপস্থিত থাকিবলগীয়া উদ্বোধনী অনুষ্ঠানত শ্রেয়া ঘোষাল, অংগৰাগ পাপন মহন্ত, জয় বৰুৱাই সংগীত পৰিৱেশন কৰিব৷