শনিবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ হ’ব GMCH
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ভয়াৱহ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । এই পৰ্যন্ত অসমত এজনো লোক ক’ৰোনাত আক্ৰান্ত হোৱা নাই যদিও ক’ৰোনাৰ সৈতে যুঁজ দিবলৈ সাজু হৈ আছে ৰাজ্য চৰকাৰ ।
যাৰ বাবে সাধাৰণ ৰোগীৰ বাবে শনিবাৰৰ পৰা বন্ধ ৰখা হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল । অৱশ্যে জৰুৰীকালীন সেৱা, প্ৰসূতি সেৱা আৰু কৰ্কট ৰোগৰ চিকিৎসা অব্যাহত থাকিব ।
ইপিনে অন্য ৰোগীসকল কাইলৈৰ পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যাব পাৰিব আৰু এই সময়ছোৱাত ব্য়ক্তিগত খণ্ডৰ চিকিৎসালত সাধাৰণ ৰোগীৰ ক্ষেত্ৰত হোৱা সকলো খৰছ বহন কৰিব ৰাজ্য চৰকাৰে ।
শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালটো এই ব্যৱস্থা প্ৰযোজ্য হ’ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই শনিবাৰৰ পৰা GMCH লৈ অহা ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলৈ সাজু হৈ আছে মহানগৰীৰ প্ৰতিখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ।