🔹 ‘নামনি’ অংশত থকা অসমক শ’লঠেকত পেলাই কেন্দ্রৰ ভয়ংকৰ সিদ্ধান্ত
নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : নামনি অংশত থকা অসমক নিমিষতে তচনচ কৰি পেলাব পৰা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৃষ্টি হোৱা প্রবল জনমতৰ প্রতি মুঠেই গুৰুত্ব নাই কেন্দ্রৰ৷ বৰঞ্চ উজনি অংশৰ অৰুণাচল প্রদেশত ইটোৰ পাছত সিটো জলবিদ্যুৎ প্রকল্প নির্মাণৰ বাবেহে নতুন দিল্লী তৎপৰ হৈ পৰিছে৷ অসমক কার্যতঃ শ’লঠেকত পেলাই এইবাৰ চিৰপ্রৱাহমান সোৱণশিৰি নৈৰ সোঁত ভেটি নির্মাণ কৰিবলৈ লোৱা হৈছে ২,২২০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম আন এক জলবিদ্যুৎ প্রকল্প– ‘অজু উজনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প’৷
সোৱণশিৰি নৈৰ ৫ কিলোমিটাৰ নামনি অংশত থকা টাক্ছিং ব্লকৰ অন্তর্গত ৰেডিগাঁৱত নির্মাণ হ’বলগীয়া আন এক জলবোমাসদৃশ দৈত্যকায় বান্ধটোৰ বাবে কেন্দ্রীয় পৰিৱেশ মন্ত্রালয়ৰ অধীনস্থ বিশেষজ্ঞ মূল্যায়ন সমিতি (ইএচি)–এ শেহতীয়াকৈ প্রয়োজনীয় অনুমোদন জনাইছে৷ গেৰুকামুখৰ ২,০০০ মেগাৱাট বিদ্যুৎক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে দীর্ঘদিন ধৰি গণ আন্দোলন অব্যাহত থকাৰ সময়তে বিশেষজ্ঞ সমিতিখনৰ এই সিদ্ধান্ত স্বাভাৱিকতে অসমবাসীৰ বাবে আন এক মোক্ষম আঘাতৰূপে বিবেচিত হৈছে৷
উল্লেখ্য যে যোৱা ১২ ছেপ্টেম্বৰত ইএচিয়ে প্রদান কৰা অনুমোদনৰ কথা ২২ ছেপ্টেম্বৰত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ লক্ষণীয়ভাৱে ইএচিয়ে চীন সীমান্তত অৱস্থান কৰা উজনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত অনুমোদন জনাইছে যদিও হিমালয়ৰ উচ্চ স্থানত অৱস্থান কৰা ঠাইত বান্ধ নির্মাণৰ সময়ত হিমবাহ হ্রদৰ বিস্ফোৰণৰ (গ্লেচিয়েল লেক আউটবার্ষ্ট) ৰিস্কৰ বিষয়টো বিবেচনা কৰিবলৈ পৰামর্শ প্রদান কৰিছে৷ আনকি হিমবাহ হ্রদৰ বিস্ফোৰণে উজনি সোৱণশিৰি নদীবান্ধৰ গাঁথনিক মুহূর্ততে উটুৱাই নিব পাৰে বুলিও ইএচিয়ে সতর্ক কৰি দিছে৷ ইয়াৰ পিছতো ছিছমিক জ’ন ৫–ত অৱস্থান কৰা ইমান সংবেদনশীল তথা সুউচ্চ হিমালয়ৰ বুকুত ২,২২০ মেগাৱাটৰ অতি বৃহৎ নদীবান্ধ নির্মাণৰ প্রাসংগিকতাক লৈহে এতিয়া প্রশ্ণ উত্থাপিত হৈছে৷ জানিব পৰা মতে, চলিত ছেপ্টেম্বৰ মাহতেহ অজু সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ ৰাজহুৱা শুনানি গ্রহণ কৰিছে কেন্দ্রৰ সংশ্লিষ্ট কর্তৃপক্ষই৷
ৰাজহুৱা শুনানিত স্থানীয় লোকসকলে পৰিৱেশগত বিৰূপ প্রভাৱৰ সৈতে চৰকাৰে পর্যাপ্ত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন কৰি প্রকল্পটোৰ তীব্র বিৰোধিতা কৰা বুলি জানিব পৰা গৈছে৷ উদ্বেগৰ বিষয়টো হৈছে- প্রায় ৭৫০ হেক্টৰ ভূমিত বনাঞ্চল কাটি খাস্তাং কৰি নির্মাণ কৰা হ’ব উজনি নামনশিৰি জলবিদ্যুৎ প্রকল্প৷ ২,২২০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম তথা প্রায় ২৪,৯৪২ কোটি টকা ব্যয়সাপেক্ষ উজনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্যৰ দায়িত্ব দিয়া হৈছে অজু সোৱণশিৰি হাইড্র’ পাৱাৰ কর্প’ৰেচন প্রাইভেট লিমিটেড নামৰ এটা বেচৰকাৰী কোম্পানীক৷ আচৰিত হ’বলগীয়া বিষয়টো হৈছে যে ২০১২ চনৰ ১৮ জুলাহত গঠন কৰা হায়দৰাবাদস্থিত এই কোম্পানীটোৱে এতিয়ালৈকে এটাও নদীবান্ধ বা কোনোধৰণৰ নির্মাণকার্য চলোৱাৰ অভিজ্ঞতা নাই৷ আনকি কোম্পানীটোৰ বার্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছিল ২০২৩ চনৰ ২৬ ছেপ্টেম্বৰত৷ কোম্পানীটোৰ ৱেবছাইটতেহ এই তথ্যসমূহ উল্লেখিত হৈ আছে৷ কেম্পানীটোৰ অনুমোদিত অংশীদাৰী মূলধন হৈছে মাত্র ১ লাখ টকা৷ আনকি কোম্পানীটোৰ স্থাৱৰ–অস্থাৱৰ কোনো সম্পত্তিও নাই৷ যেন অদূৰ ভৱিষ্যতত উজনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প অনুমোদিত হোৱাৰ লগতে জলবিদ্যুৎ প্রকল্পটো নির্মাণৰ দায়িত্ব লাভ কৰাৰ আশা তথা নিশ্চয়তাৰেই অজু সোৱণশিৰি হাইড্র’ পাৱাৰ কর্প’ৰেচন প্রাইভেট লিমিটেড গঠন কৰা হৈছিল৷
১২ বছৰৰো অধিক সময় পূর্বে স্থাপন কৰা এই কোম্পানীটোক লৈহে এতিয়া বহুতো প্রশ্ণৰ উদ্রেক কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা প্রায় দুই দশক ধৰি উজনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণৰ যো–জা চলাই থকা হৈছিল৷ ইপিনে, কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ সূত্রত জানিব পৰা মতে, উজনি সোৱণশিৰিত নির্মাণ কৰিবলগীয়া কংক্রিট গ্রেভিটি নদীবান্ধৰ উচ্চতা হ’বগৈ ১০০ মিটাৰ৷ প্রৱাহমান নদীখনৰ (ৰান অফ দ্য ৰিভাৰ) ওপৰত স্থাপন কৰিবলগীয়া জলবিদ্যুৎ প্রকল্পটোৰ বাবে নির্মাণ কৰা হ’ব ১৪.১২ কিলোমিটাৰৰ সুৰংগ৷ সমগ্র প্রকল্পটো নির্মাণৰ বাবে ব্যয় কৰা হ’ব আনুমানিক ২৪,৯৪২ কোটি টকা৷ বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে জনোৱা অনুমোদন অনুসৰি প্রকল্পটোৰ পৰা বার্ষিক ৮৪০.২০ কোটি ইউনিট বিদ্যুৎ উৎপাদন কৰা সম্ভৱ হ’ব৷
মন কৰিবলগীয়া যে নদীব্যৱস্থা সম্পর্কীয় অন্যতম থিংক টেংক ছাউথ এছিয়া নেটৱর্ক অন ডেমছ, ৰিভার্ছ এণ্ড পিপলে অৰুণাচল প্রদেশত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুত প্রকল্পকে ধৰি ৰাজ্যখনত প্রস্তাৱিত বৃহৎ নদীবান্ধসমূহক এটা এটাকৈ ‘টিকটিকিয়াই থকা জলবোমা’ হিচাপে বহু দিন পূর্বে চিহ্ণিত কৰিছিল৷