নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱমীৰ নিশা দুৰ্ঘটনাত নিহত ভগামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰ

বিশেষ বাৰ্তা, টীয়ক, ২ অক্টোবৰ : দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে নৱমীৰ নিশা ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত মৰিজাঁজী দগাঁও সমীপত এক পথ দুৰ্ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু হয়। নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত এই দুৰ্ঘটনাটোত উপ-পৰিদৰ্শক মৰমী দাসসহ আন পাঁচগৰাকী আঘাতপ্ৰাপ্ত হয়।

স্থানীয় লোকে অৱগত কৰা অনুসৰি, আৰক্ষী থানাৰ এ এছ-৩০-৯০৫৫ নম্বৰৰ বলেৰ’ বাহনখনেৰে আৰক্ষী থানাৰ পৰা বনাই অভিমুখে আহি থকা অৱস্থাত মৰি জাঁজী দ’গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰি কাষৰ মৰিজাঁজীত পৰি যায়। স্থানীয় লোকে ততাতৈয়াকৈ আটাইকেইগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ পথতেই মৃত্যু হয়। অকাল মৃত্যুক সাবটি লোৱা সত্যেন্দ্ৰ মালাকাৰে গাঁওৰক্ষী বাহিনীৰ সভাপতি পৱন গগৈ, উপ-পৰিদৰ্শক মৰমী দাস, ৩ গৰাকী কনিষ্টবলক লগত লৈ নিশাৰ ভাগত জাঁজী নদীৰ বাঢ়নী পানীয়ে ছিঙি নিয়া জাঁজী নদীৰ উত্তৰ পাৰৰ ৰিং বান্ধ পৰিদৰ্শনৰ বাবে আহিছিল।

সাংস্কৃতিক ক্ষেত্ৰখনতো জনপ্ৰিয় প্ৰয়াত মালাকাৰৰ ঘৰ নলবাৰী পাঠশালাত আৰু তেওঁ পত্নীসহ দুটি সন্তানক ইহসংসাৰত এৰি যোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিশাই প্ৰেৰণ কৰাৰ লগতে প্ৰয়াত মালাকাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়তে ৰখা হৈছে। তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

প্ৰেৰক দিগন্ত হাজৰিকা

You might also like