নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২ অক্টোবৰ : প্ৰথমবাৰৰ বাবে অসমকন্ঠ জুবিন গাৰ্গৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিলে নিজ লাওখোৱা বাড়োৱাৰী দুৰ্গাপূজা সমিতিয়ে। অসমকন্ঠ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত “জ্যোতিৰ্ময়ী” নামৰ গ্ৰন্থ প্ৰকাশ কৰে পূজা সমিতিয়ে । গ্ৰন্থখনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাণী উল্লেখ কৰা হৈছে।
নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাৰ উপস্থিতিত উন্মোচন কৰা হয় গ্ৰন্থখন। মহানৱমীৰ নিশা নিজ লাওখোৱা বাড়োৱাৰী দুৰ্গাপূজা সমিতিয়ে আয়োজন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ আয়ুক্ত, কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক গোলাপ শইকীয়া আৰু বিশিষ্ট সমাজকৰ্মী বিৰাজ কুমাৰ নন্দি।
উল্লেখ্য যে দশমীত দেৱী প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে কোনো লোকে সুৰাপান কৰি নাযায় আৰু প্ৰশাসনে দিয়া সকলো নিয়ম-নীতি যাতে সকলোৱে মানি চলে, তাৰ বাবে নগাঁওবাসীক আহ্বান জনায় নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই ৷