নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : ওড়িশাৰ জগন্নাথ ক্ষেত্ৰ পুৰী চহৰত আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। পুৰী চহৰত শ্ৰীশংকৰদেৱ সংস্কৃতি সমাজৰ পুৰী প্ৰকল্পৰ অধীনত থকা নামঘৰ চৌহদত আজি এই উপলক্ষে পুৱাৰ পৰাই কাৰ্যসূচী আৰম্ভ হয়। পুৱাৰ প্ৰসংগৰ পিছত নাম-কীৰ্তন অনুষ্ঠিত হয়। পুৰীত থকা কেইবাগৰাকী ভকত-বাপে আঁত ধৰা কাৰ্যসূচীত অসমৰ পৰা অহা ভালেকেইগৰাকী ভকতে অংশ লোৱাৰ উপৰি শতাধিক আই-মাতৃ আৰু দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক ৰুবুল কান্তি দাস