নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকৰ কেমেৰা ভঙাৰ ভাবুকি : দিছপুৰ থানাত হাজিৰ গায়ক নীলোৎপল বৰা

বিশেষ বাৰ্তা, ২ অক্টোবৰ : সাংবাদিকৰ কেমেৰা ভাঙি দিম বুলি ভাবুকি দিয়া গায়ক নীলোৎপল বৰা অৱশেষত হাজিৰ হ’ল দিছপুৰ থানাত। উল্লেখ্য যে কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙিম বুলি ভাবুকি দিয়া গায়ক নীলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামে।

অভিযোগ অনুসৰি, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ বৰঝাৰ বিমানবন্দৰৰ পৰা আহি কাহিলাপাৰাৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তে নীলোৎপল বৰাই কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙিম বুলি মুকলিকৈ ভাবুকি দিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত গায়ক বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিছিল জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামে। তদুপৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত গায়ক নীলোৎপলৰ বিৰুদ্ধে সাংবাদিকে দাখিল কৰিছিল এজাহাৰ। সম্প্ৰতি দিছপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে গায়ক নীলোৎপল বৰাক ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে গায়ক নীলোৎপল বৰাই সাংবাদিকৰ সৈতে মুখামুখি হৈ উক্ত ঘটনাৰ বাবে নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিৱৰ্তে তেওঁৰ বিৰুদ্ধে এফ আই আৰ দিয়ক বুলিহে দাম্ভিক মন্তব্য কৰিছিল। সাংবাদিকৰ প্ৰশ্নত থকা-সৰকা হোৱা গায়ক নীলোৎপল বৰাই চালে-বেৰে কোবাই বিভিন্ন মন্তব্য আগবঢ়োৱা দেখা গৈছিল।

You might also like