গুৱাহাটী-ডিব্ৰুগড়সহ ৰাজ্যৰ পাঁচ স্থানত নিৰ্মাণ হ’ব ৫ খনকৈ বিশেষ ক’ৰোনা চিকিৎসালয়
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ৰাজ্যত দুমাহত নিৰ্মাণ হ’ব পাঁচখনকৈ চিকিৎসালয় । ক’ভিড-১৯ ৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হ’ব লগা এই চিকিৎসালয়কেইখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে শুকুৰবাৰে নিবিদা মুকলি কৰিছে । – এই কথা অৱগত কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটী আৰু ডিব্ৰুগড়ত এনেধৰৰ দুখন বিশেষ চিকিৎসালয় নিৰ্মাণ কৰাৰ পিছত বৰাক উপত্যকা, নামনি অসম আৰু মধ্য অসমত একেধৰণৰ আন তিনিখন চিকিৎসালয় নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছে ।