দুখীয়া পৰিয়ালক ঘৰে ঘৰে খাদ্য সামগ্ৰী যোগান গোলাঘাট আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ক’ৰোনাৰ লকডাউনত নিজৰ কৰ্তব্যৰ উপৰি দুখীয়াৰ বাবে দানেৰে মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে গোলাঘাট আৰক্ষীয়ে ।
গোলাঘাট জিলা সদৰ আৰক্ষীয়ে এই পদক্ষেপে লকডাউনৰ সময়ত কোনো দুখীয়া লোকে যাতে অনাহাৰে কটাব নালাগে তাৰ সুব্যৱস্থাৰে এটা পৰিয়ালে প্ৰায় দহ, পোন্ধৰ দিন খাব পৰাকৈ খাদ্য সামগ্ৰী পেকেটিং কৰি চহৰখনৰ ভিন্ন প্ৰান্তত বিতৰণ কৰিছে ।
শুকুৰবাৰে অতিকমেও দুশ পৰিয়াললৈ খাদ্য-সামগ্ৰী যোগান ধৰা হয় । ইপিনে নিজৰ কৰ্তব্যৰ মাজতো মানৱতাৰ পৰিচয় দাঙি ধৰা গোলাঘাট আৰক্ষীৰ এই পদক্ষেপক বিভিন্নজনে প্ৰশংসা কৰিছে ।
উল্লেখ্য যে আৰক্ষীয়ে নিজৰ উপাৰ্জনৰ দহ শতাংশ ধন দুখীয়াৰ বাবে সামগ্ৰী ক্ৰয়ত খৰচ ককৰি মানৱতাৰ পৰিচয় দিছে ।