নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত হাগ্ৰামাৰ বিপিএফ : আজি মুখ্য কার্যবাহী সদস্যৰূপে শপত ল’ব মহিলাৰীয়ে

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : বিটিচিৰ পঞ্চম সাধাৰণ নির্বাচনত বিপিএফ দলে নিৰংকুশ সংখ্যাগৰিষ্ঠ অর্জন কৰাৰ পিছত আজি শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শপতগ্রহণ অনুষ্ঠানৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে আৰু প্রতিকূল বতৰকো নেওচি কোকৰাঝাৰৰ বডোফা নগৰ নতুন ৰূপত সজাই–পৰাই তোলা হৈছে৷

বিটিচি সচিবালয় পথাৰত অনুষ্ঠিত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানত কমেও ৫০ হাজাৰ লোক উপস্থিত থাকিব বুলি ধাৰণা কৰা হৈছে৷ শপতগ্রহণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব৷ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব বিটিচিৰ পঞ্চম কার্যনির্বাহক পৰিষদৰ শপতগ্রহণ অনুষ্ঠান৷ উক্ত শপতগ্রহণ অনুষ্ঠানতে হাগ্রামা মহিলাৰীয়ে চতুর্থবাৰৰ বাবে বিটিচিৰ মুখ্য কার্যবাহী সদস্য হিচাপে আৰু ৮–১০গৰাকী সদস্যই কার্যবাহী সদস্যৰূপে গোপনীয়তাৰ শপত বাক্য পাঠ কৰিব বুলি জানিব পৰা গৈছে৷

অৱশ্যে বর্তমানলৈকে ৮–১০গৰাকী নির্বাচিত কার্যবাহী সদস্যৰ নাম তালিকা হাগ্রামা মহিলাৰীয়ে ৰাজহুৱাভাৱে প্রকাশ কৰা নাই৷ ৰাজ্যপাল অথবা ৰাজ্যপালৰ নির্দেশত অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই হাগ্রামা মহিলাৰী আৰু নির্বাচিত সদস্যসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব৷ বিটিচিৰ মুখ্য সচিব আকাশদীপে ত্রিদীপ দৈমাৰীক বিটিচি বিধান পৰিষদৰ প্র’টেম স্পীকাৰ হিচাপে কার্যভাৰ গ্রহণৰ শপত বাক্য পাঠ কৰাব৷

You might also like