🔹 ফেষ্টিভেল মহন্তৰ বিয়াগোম বিত্তীয় কেলেংকাৰিৰ বিস্ফোৰক তথ্য
ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ অক্টোবৰ : ছিংগাপুৰত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত এছআইটিয়ে অব্যাহত ৰখাৰ সময়তে সংস্কৃতিৰ দালাল শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী অনিতা ডেকা মহন্তৰ বিয়াগোম বিত্তীয় কেলেংকাৰিৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ দুয়ো নামে–বেনামে ৫টা প্রতিষ্ঠানৰ নামত বিগত সময়ছোৱাত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ সম্প্রতি সর্বত্র চর্চিত৷
উত্থাপিত অভিযোগ অনুসৰি, এনলাইটেণ্ড প্রাইভেট লিমিটেড, টিৰাপ হাইড্র’পাৱাৰ প্রাইভেট লিমিটেড, পাটকাই এনার্জী কোম্পানী প্রাইভেট লিমিটেড, এমএমএছ এডভাইছ’ৰী প্রাইভেট লিমিটেড আৰু ট্রেণ্ড এমএমএছ প্রাইভেট লিমিটেডৰ নামত দীর্ঘদিন ধৰি লুণ্ঠনৰাজ চলাই আহিছিল৷ মহানগৰীৰ চেনিকুঠীৰ কৃষ্ণ ভৱনত শ্যামকানু মহন্তই স্থাপন কৰিছিল ট্রেণ্ড এমএমএছ প্রাইভেট লিমিটেডৰ কার্যালয়৷ য’ৰ পৰা আন চাৰিটা কোম্পানীৰো কাম–কাজ চলোৱা হৈছিল৷ এই কার্যালয়টোৰ পৰাই বিটিচিৰ পানী যোগানৰ ঠিকাৰ পৰা ফেষ্টিভেল আয়োজনলৈকে সকলোতে মুনাফা লুটাৰ অংক কৰিছিল শ্যামকানু মহন্তই৷ হঠাতে কৃষ্ণ ভৱনৰ পৰা শ্যামকানু মহন্তই কার্যালয়টো স্থানান্তৰ কৰে নিজ ঘৰলৈ৷ শেহতীয়াকৈ যোৱা ২৫ আৰু ২৬ ছেপ্টেম্বৰত চিআইডিয়ে চলোৱা অভিযানত এইজন সংস্কৃতিৰ দালালৰ ঘৰৰ পৰা বিভিন্ন ধৰণৰ সা–সামগ্রীৰ লগতে নথি–পত্র জব্দ কৰিবলৈ সক্ষম হয় চিআইডিয়ে৷ প্রধানতঃ জব্দকৃত এনেধৰণৰ সামগ্রী আৰু নথি–পত্রৰ পৰাই শ্যামকানু মহন্তসহ পত্নী অনিতা ডেকা মহন্তৰ বিত্তীয় অনিয়ম উন্মোচিত হৈছে৷
শ্যামকানু মহন্তই ২০২২ চনৰ ৩০ মার্চত পঞ্জীয়ন কৰিছিল ট্রেণ্ড এমএমএছ প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটো৷ এই ট্রেণ্ড এমএমএছ লিমিটেডৰ বেনাৰতে ২০২২ চনৰ পৰা শ্যামকানু মহন্তই নর্থ–ইষ্ট ফেষ্টিভেল–দিল্লী, নর্থ–ইষ্ট ফেষ্টিভেল–ভিয়েটনাম আৰু নর্থ–ইষ্ট ফেষ্টিভেল–বেংককৰ আয়োজন কৰিছিল৷ তদুপৰি তেওঁ এই প্রতিষ্ঠানটোৰ নামতেই আয়োজন কৰিছিল ৰঙালী৷ অৱশ্যে ২০২২ চনৰ পূর্বে ফেষ্টিভেল মহন্ত হিচাপে পৰিচিত সংস্কৃতিৰ দালালজনে আন এক প্রতিষ্ঠানৰ বেনাৰত কাম কৰিছিল৷ শ্যামকানু মহন্তৰ বিত্তীয় অনিয়ম সন্দর্ভত ইতিমধ্যে চিআইডিয়ে ১৯/২০২৫ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে৷ চিআইডিয়ে শ্যামকানু মহন্তসহ ১৬জনৰ সাক্ষ্যগ্রহণ কৰি সম্পূর্ণ কৰিছে গোচৰটোৰ প্রাথমিক তদন্ত৷ ইয়াৰ মাজতে এই বিয়াগোম বিত্তীয় অনিয়মৰ অনুসন্ধানত জিএছটি, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু আয়কৰ বিভাগেও নামি পৰাৰ সম্ভাৱনা আছে৷
অসম আৰক্ষীৰ এক সূত্রই সদৰী কৰা অনুসৰি ১৯/২০২৫ নম্বৰ গোচৰটোৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে শ্যামকানু মহন্তৰ লগতে তেওঁৰ পত্নী অনিতা ডেকা মহন্তৰো বিপদ অনিবার্য৷ কিয়নো নামে–বেনামে গঢ়ি তোলা প্রতিষ্ঠানকেইটাৰ লগত সাঙোৰ খাই আছে অনিতা ডেকা মহন্তও৷ ইতিমধ্যে এইক্ষেত্রত জিএছটি বিভাগে সকলো নথি–পত্র সাজু কৰিছে৷ হয়তো অচিৰেই নামে–বেনামে গঢ়ি তোলা উক্ত ৫ প্রতিষ্ঠানত পৰিব জিএছটিৰ হাতোৰা৷ সেইদৰে ইডি আৰু আয়কৰ বিভাগৰ বিষয়াই শেহতীয়াকৈ চিআইডিৰ মুখ্য কার্যালয়ত উপস্থিত হৈ শ্যামকানু মহন্তৰ বিত্তীয় অনিয়মৰ গোচৰটোৰ বিষয়ে বুজ লৈছে বুলি সূত্রটোত প্রকাশ৷
সূত্রটোৰ মতে, ইডি আৰু আয়কৰ বিভাগে এই বিয়াগোম বিত্তীয় অনিয়মৰ তদন্ত আৰম্ভ কৰাক লৈ শীঘ্রেই এক আনুষ্ঠানিক সিদ্ধান্ত ঊর্ধ্বতন কর্তৃপক্ষই গ্রহণ কৰিব পাৰে৷ কিয়নো ইডিয়ে চিআইডিৰ পৰা গোচৰটোৰ প্রাথমিক তদন্তৰ প্রতিবেদন ইতিমধ্যে গ্রহণ কৰিছে৷ এই প্রাথমিক তদন্তৰ প্রতিবেদন দিল্লীস্থিত কার্যালয়লৈ প্রেৰণ কৰাৰ পাছত ঊর্ধ্বতন কর্তৃপক্ষই যেনেধৰণৰ নির্দেশনা দিয়ে সেইদৰেই আগবাঢ়িব ইডি৷
উল্লেখ্য যে ২৫ আৰু ২৬ ছেপ্টেম্বৰত অভিযানৰ সময়ত শ্যামকানু মহন্তৰ ঘৰৰ পৰা চিআইডিয়ে বহুসংখ্যক অপৰাধমূলক নথি তথা সামগ্রী জব্দ কৰিছিল৷ ইয়াৰ ভিতৰত আছিল একেটা প্রতিষ্ঠানৰ নামত একাধিক পান কার্ড, বিভিন্ন কোম্পানী তথা চৰকাৰী বিষয়াৰ প্রায় ৩০টা ছীল–মোহৰ আৰু কেতবোৰ বেনামী সম্পত্তি সম্পর্কীয় নথি৷ ইয়াৰ মাজতে শ্যামকানু মহন্তই ২০ বছৰতকৈও অধিক কাল পূর্বে নর্থ–ইষ্টার্ন ডেভেলপমেণ্ট ফাইনেঞ্চ কর্প’ৰেচন লিমিটেড (নেডফি)ৰ সহকাৰী মহাপ্রবন্ধক হিচাপে কার্যনির্বাহ কৰাৰ সময়ত সংঘটিত কৰা ১৪ কোটিটকীয়া কেলেংকাৰিৰ তথ্যও পোহৰলৈ আহিছে৷ সূত্রটোৱে এই সম্পর্কত জানিবলৈ দিয়া মতে, সেই সময়ত শ্যামকানু মহন্ত আৰু নেডফিৰ দুজন মহাপ্রবন্ধকে অসমত কল চেণ্টাৰ খোলাৰ বাবে ডিএছএছ ই–কানেক্ট লিমিটেড নামৰ এটা কোম্পানীক ১৪ কোটিৰো অধিক টকাৰ ঋণ দিছিল৷ মুঠ ধনৰাশিৰ ভিতৰত ২০০১ চনত ৮.৪২ কোটি টকাৰ ঋণ দিয়াৰ বিপৰীতে ২০০৩ চনত দিয়া হৈছিল ৬ কোটি টকা৷ কিন্তু ২০০৩ চন পর্যন্ত অসমত কোনোধৰণৰ এটাও কল চেণ্টাৰ স্থাপন কৰা নহ’ল৷ সেইদৰে ডিএছএছ ই–কানেক্ট নামৰ কোম্পানীটোৰ তৰফৰ পৰা ঋণ পৰিশোধকল্পে নিদিলে ইএমআই৷ এনে প্রেক্ষাপটত ২০০৪ চনত নেডফিৰ তৰফৰ পৰা বিষয়টোক লৈ এক আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰা হয়৷ পিছে এই তদন্তৰো ৰহস্যজনকভাৱে ওৰ নপৰিল৷
লক্ষণীয়ভাৱে আভ্যন্তৰীণ তদন্ত ঘোষণাৰ পূর্বে ২০০৩ চনৰ ৩১ মার্চত ডিএছএছ ই–কানেক্টৰ ঋণত নন–পাৰফর্মিং এছেট ঘোষণা কৰা হৈছিল৷ যিটো প্রকল্পৰ বাবে প্রতিষ্ঠানটোক নেডফিয়ে ঋণ দিছিল তাৰ ব্যৱস্থাপকৰ দায়িত্বত আছিল শ্যামকানু মহন্ত৷ ২০০৪ চনৰ শেষভাগত তেওঁ নেডফিৰ পৰা পদত্যাগ কৰে আৰু আইএলএণ্ড এফএছ নামৰ প্রতিষ্ঠানটোৰ উপাধ্যক্ষ পদত যোগদান কৰে৷ পৰৱর্তী সময়ত সেই চাকৰিও ত্যাগ কৰি নিজস্ব ইভেণ্ট মেনেজমেণ্ট ফার্ম ট্রেণ্ড এমএমএছ প্রাইভেট লিমিটেড স্থাপন কৰিছিল৷ নেডফিৰ ১৪ কোটি টকা আত্মসাতকে ধৰি শ্যামকানু মহন্তই সংঘটিত কৰা এনেধৰণৰ ব্যাপক বিত্তীয় অনিয়মৰ তদন্তই অনাগত দিনত কেনেধৰণৰ গতি লাভ কৰে সেয়া লক্ষণীয় হ’ব৷