নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : বিপিএফপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰত অনুষ্ঠিত এক অনুষ্ঠানত চতুৰ্থবাৰৰ বাবে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল (বিটিচি)ৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) হিচাপে শপত গ্ৰহণ কৰে। শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। শপতগ্ৰহণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী আৰু অন্যান্য আমন্ত্ৰিত নেতা উপস্থিত আছিল। অনুষ্ঠানত ৰিহণ দৈমাৰীয়ে উপ-মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক চিইএম হিচাপে শপত গ্ৰহণৰ বাবে অভিনন্দন জনায় আৰু আস্থা প্ৰকাশ কৰে যে নতুন বিটিচি প্ৰশাসনে উৎসাহেৰে জনগণৰ সেৱা কৰিব আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ উজ্জ্বল বড়োলেণ্ডৰ সপোন পূৰণ কৰিব। তেওঁ লগতে কয় যে অসম চৰকাৰে জনগণৰ আকাংক্ষা পূৰণৰ বাবে নতুন বিটিচি চৰকাৰক সম্পূৰ্ণ সমৰ্থন আগবঢ়াব।

উল্লেখ্য যে বিটিচি নিৰ্বাচন ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল আৰু ফলাফল ২৬ ছেপ্টেম্বৰত ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত বিপিএফে বিপুল জয়লাভ সাব্যস্ত কৰি ৪০খন আসনৰ ভিতৰত ২৮খন আসন লাভ কৰে। আনহাতে, ইউপিপিএলে ৭খন আৰু বিজেপিয়ে ৫খন আসনত জয়লাভ কৰে।

You might also like