নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ 

নিয়মীয়া বাৰ্তা, কাজিৰঙা, ৫ অক্টোবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অদ্ভুত, এনে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য বিশ্বতে বিৰল।- আজি পুৱাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি এনেদৰে সংবাদ মাধ্যমৰ কয় মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে।

উল্লেখ্য যে কালি নিশা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী পৰিয়ালসহ যোৰহাটত অৱতৰণ কৰাৰ পাছত উপস্থিত হয় কঁহৰাত। নিশা আৰক্ষী অতিথিশালাত কটোৱাৰ পাছত আজি পুৱাই উপস্থিত হয় বাগৰি বনাঞ্চলত। পুৱা প্ৰায় ৬.৪৫ বজাত জীপ ছাফাৰীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল দৰ্শন কৰে। ডোঙা বন শিবিৰৰ নিৰীক্ষণ চূড়াৰ পৰা কাজিৰঙাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী। ইপিনে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত কাজিৰঙা বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰই ইতিমধ্যে উদ্ধাৰ কৰা এডাল প্ৰকাণ্ড অজগৰ ডোঙা বন শিবিৰৰ সমীপত মুকলি কৰা হয়। ইয়াৰ পাছতে ৰৌমাৰী বন শিবিৰ এলেকা পৰিদৰ্শন কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীজনে। প্ৰায় ডেৰ ঘণ্টা সময় কাজিৰঙা দৰ্শনকালত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহুকেইটা গঁড়, হৰিণ, বনৰীয়া ম’হ, হাতী আদি বন্যপ্ৰাণীৰ লগতে স্থানীয় আৰু পৰিভ্ৰমী পক্ষী প্ৰত্যক্ষ কৰে। উদ্যান দৰ্শন কৰাৰ পাছত কাজিৰঙাৰ বন দুৰ্গা বাহিনীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্রতি চালামী প্ৰদৰ্শন কৰে।

আনহাতে, বন বিভাগৰ হাতীক কল, কুঁহিয়াৰ আদি ফল-মূল খুৱাই আপ্লুত হৈ পৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়াল । ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ ব্যৱস্থাৰ শলাগ লৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ অনান্য ৰাষ্ট্ৰীয় উদ্যানসমূহে কাজিৰঙাৰ পৰা বহু শিকিবলগীয়া আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বৰ বাবেই দেশৰ অভয়াৰণ্যসমূহৰ বন্যপ্ৰাণী এতিয়া সুৰক্ষিত হৈ আছে। আনহাতে, মধ্যপ্ৰদেশ আৰু অসমৰ বন্যপ্ৰাণীৰ আদান-প্ৰদানৰ বাবে শীঘ্ৰেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিব বুলি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পাছতে পৰিয়ালসহ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীজনে কাজিৰঙাৰ পাণবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত উপস্থিত হৈ তাত থকা বন্যপ্ৰাণীসমূহৰ স্বাস্থ্যৰ বুজ লয়।

You might also like