নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গম্ভীৰৰ বাবেই অধিনায়কৰ পদ হেৰুৱালে ৰোহিতে : আগৰকাৰে ফাদিল কৰিলে ৰহস্য 

নিউজ ডেস্ক, ৫ অক্টোবৰ : এদিনীয়া ক্রিকেটৰ পৰা নেতৃত্ব হেৰুৱালে ৰোহিত শর্মাই৷ টীম ইণ্ডিয়াৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণত ভাৰতীয় এদিনীয়া দলটোৰ অধিনায়ক হিচাপে শুভমন গিলক নিযুক্তি দিয়া হৈছে৷ অৱশ্যে অধিনায়কত্ব হেৰুৱালেও অষ্ট্রেলিয়াগামী ভাৰতীয় এদিনীয়া দলটোত স্থান লাভ কৰিছে৷ হিটমেনে৷

ৰোহিত শর্মাক এদিনীয়া দলৰ অধিনায়কৰ পৰা আঁতৰোৱা সন্দর্ভত ভাৰতীয় দলটোৰ মুখ্য নির্বাচক অজিত আগৰকাৰে কয় যে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ বাবেই ৰোহিত শর্মাক নেতৃত্বৰ পৰা আঁতৰাই দিয়া হৈছে৷ গম্ভীৰৰ পৰামর্শ মতে হিটমেনৰ ঠাইত গিলক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়৷ আগৰকাৰৰ স্পষ্ট উত্তৰ আছিল- তিনিটা ফৰমেটত তিনিজন বেলেগ বেলেগ অধিনায়ক থকাটো কার্যতঃ অসম্ভৱ৷ দলৰ বাবে ই ভাল নহয়৷ একে সময়তে প্রশিক্ষকৰ বাবেও সমস্যাৰ সৃষ্টি কৰে৷

মুখ্য নির্বাচকগৰাকীয়ে লগতে কয় যে আমি চাব লাগিব পৰৱর্তী বিশ্বকাপ ক’ত অনুষ্ঠিত হ’ব৷ এয়াও ৰোহিতক অধিনায়কৰ পদৰ পৰা আঁতৰোৱাৰ কাৰণ৷ এইটো এটা ফৰমেট, যিটো এতিয়া কম খেলা হয়৷ বিশ্বকাপৰ পূর্বে বহু মেচ নাথাকিব৷ গতিকে শুভমনক এতিয়াই দায়িত্ব দিয়া হৈছে, যাতে তেওঁ এতিয়াই দলটো গঢ়ি তুলিব পাৰে৷

You might also like