পাকিস্তানৰ অধিনায়িকাৰে হাত নিমিলালে ভাৰতৰ হৰমনপ্ৰীতে
🔹 মহিলা বিশ্বকাপৰ ভাৰত-পাক মেচত এছিয়া কাপৰ পুনৰাবৃত্তি
নিউজ ডেস্ক, ৫ অক্টোবৰ : খেলপথাৰত অপাৰেচন সিন্দূৰ! কলম্বোত আজি ভাৰত-পাকৰ মাজত অনুষ্ঠিত মহিলা বিশ্বকাপৰ মেচখনৰ টছৰ সময়ত সদ্যসমাপ্ত এছিয়া কাপৰ পুনৰাবৃত্তি ঘটিল। টছৰ সময়ত পাক অধিনায়ক ফাটিমা ছানাৰ সৈতে হাত মিলোৱাৰ পৰা বিৰত থাকিল ভাৰতৰ অধিনায়িকা হৰমনপ্ৰীত কৌৰ। মেচখনত টছত জয়ী হৈ পাকিস্তানে প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়।
শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পুৰুষৰ এছিয়া কাপত তিনিবাৰকৈ ভাৰত-পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হয় আৰু তিনিবাৰেই জয়ী হৈছিল ভাৰত। এই মেচকেইখনতো ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে পাক ক্ৰিকেটাৰসকলৰ সৈতে কৰমৰ্দন কৰা নাছিল। আনকি পিচিবিৰ প্ৰধান তথা এচিচিৰ প্ৰেচিডেণ্ট মহছিন নকভিৰ হাতৰ পৰা এছিয়া কাপৰ ট্ৰফী ল’বলৈও অস্বীকাৰ কৰিছিল ভাৰতীয় দলে। যিটোৰ ওপৰত এতিয়াও বিতৰ্ক চলি আছে।