ডিজিটেল ডেস্ক, ৬ অক্টোবৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ কালজয়ী গীত ‘মায়াবিনী’ৰে নামকৰণ কৰা হৈছে এটা কণমানি হাতীৰ পোৱালিৰ৷
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত গভীৰ অৰণ্যৰ মাজত পৰহি বন বিভাগৰ বিশ্বস্ত হাতী ‘কুঁৱৰী’য়ে জন্ম দিছিল এটি মাইকী পোৱালি৷ লগে লগে মাউতে বন বিভাগক খবৰ দিয়ে৷ হিয়াৰ আমঠু জুবিন গার্গৰ স্মৃতি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত যুগমীয়া কৰি ৰাখিবলৈ বন বিভাগে অৱশেষত হাতীটোৰ নাম ‘মায়াবিনী’ দিয়ে৷
উল্লেখ্য যে ‘ৱর্ল্ড এনিমেল ডে’’ৰ দিনাই জন্মলাভ কৰিলে এই কণমানি হাতী পোৱালিটোৱে৷ ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষে জনোৱা মতে, অগৰাতলী বনাঞ্চলত কুঁৱৰী নামৰ হাতীটোৱে ‘ৱর্ল্ড এনিমেল ডে’’ৰ দিনাই এটি পোৱালি প্রসৱ কৰে৷ সঞ্চালকগৰাকীয়ে কয় যে পোৱালিটোৰ নাম আমি সকলোৱে মায়াবিনী ৰাখিছোঁ৷
তেওঁ কয় যে আমাৰ বনকর্মীসকলে উদ্যানৰ অন্তর্ভাগত থকাৰ সময়ত কিবা দুখ লাগিলে বা ঘৰলৈ মনত পৰিলেও শিল্পী জুবিন গার্গৰ গীত শুনিয়েই নিজকে সান্ত্বনা দিয়ে৷ অসমৰ আনসকলৰ দৰেই বনকর্মীসকলৰো শিল্পীগৰাকীৰ গীতৰ সৈতে সান্নিধ্য থাকে৷ গতিকে, এনে পৰিৱেশত হাতীৰ পোৱালিটোৰ নাম মায়াবিনী ৰখাটো সকলোৱে বিচাৰিলে৷