🔹 সিদ্ধার্থৰ বিৰুদ্ধে বিস্ফোৰণ কন্যাহাৰা পিতৃৰ
ডিজিটেল ডেস্ক, ৬ অক্টোবৰ : জনতাৰ প্রাণৰ শিল্পী জুবিন গার্গৰ মৃত্যুৰ তদন্ত দ্রুতগতিত চলি থকাৰ মাজতে শিল্পীগৰাকীৰ মৃত্যুত অভিযুক্ত তথা জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ বিৰুদ্ধে আন এক পৰিকল্পিত হত্যাকাণ্ডত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা নম্রতা বৰাৰ মৃত্যুত অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধার্থ শর্মাই৷ কমাৰগাঁৱত সংবাদ মেল সম্বোধন কৰি নম্রতাৰ পিতৃ ৰমেন কুমাৰ বৰাই সিদ্ধার্থ শর্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ কৰে৷
স্মর্তব্য যে যোৱা ৪ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা নম্রতা বৰাৰ মেঘালয়ৰ নংপোত এক পথ দুর্ঘটনাত মৃত্যু হৈছিল৷ পৰিয়ালৰ লোকে নম্রতাৰ মৃত্যুক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰি কেইবাজনো লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সময়ত অভিযুক্তসকলক সংগ দি সিদ্ধার্থ শর্মাই ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছিল বুলি নম্রতাৰ পিতৃয়ে সংবাদ মেলত প্রকাশ কৰে৷ সিদ্ধার্থ শর্মাই অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিয়াত অধিক সক্রিয় হোৱাৰ সন্দেহ কৰি ফটো তুলি ৰাখিছিল নম্রতাৰ পৰিয়ালৰ লোকে৷ নম্রতাৰ পিতৃয়ে সংবাদ মেলত প্রদর্শন কৰা স্থিৰ ফটোত সিদ্ধার্থ শর্মাই সেই সময়ত নম্রতাৰ মৃত্যুৰ অভিযুক্তসকলৰ লগত সংগ দিয়াটো স্পষ্ট প্রকাশ পাইছে৷ আনহাতে, সিদ্ধার্থ শর্মাই নম্রতাৰ পিতৃক বুজনি দি অভিযুক্তসকল তেওঁৰ ভাল বন্ধু বুলিও কৈছিল বুলি সংবাদ মেলত অৱগত কৰে৷
উল্লেখ্য যে ৪ জুনৰ নিশা নম্রতা বৰাৰ মেঘালয়ৰ নংপোত এক ভয়ংকৰ পথ দুর্ঘটনাত মৃত্যু হৈছিল৷ পৰিয়ালৰ অভিযোগ যে নম্রতাক সুপৰিকল্পিতভাৱে হত্যা কৰি ইয়াক পথ দুর্ঘটনাৰ ৰূপ দিয়া হৈছিল৷ নম্রতাৰ মৃত্যু পৰিকল্পিত হত্যা হিচাপে সন্দেহ কৰি নম্রতাৰ পিতৃ ৰমেন কুমাৰ বৰাই নংপো থানাত গোচৰ ৰুজু কৰি অভিযুক্ত হিচাপে নম্রতাৰ মৃত্যুৰ সময়ত উপস্থিত থকা এ আই ইউ ডি এফ দলৰ যুৱ নেতা তথা বিধায়ক হাফিজ ৰছিদ আহমেদ কাছিমীৰ পুত্র, দুর্ঘটনা সংঘটিত কৰা বাহনৰ মালিক তথা দুর্ঘটনা সংঘটিত কৰা চালক আনায়াতুল্লা ৱাটুচ, (৩৯), সহযোগী মঙলদৈৰ গায়ত্রী বৰা (২৫), গোলাঘাটৰ মৃগাংক বৰুৱা, (২৬) আৰু চৰাইদেউৰ প্রজ্ঞা দিহিঙীয়াক (২৬) তদন্তৰ আওতালৈ আনিবৰ বাবে গোচৰত উল্লেখ কৰিছিল৷
নম্রতাৰ পিতৃয়ে কালি স্পষ্টকৈ কয় যে সিদ্ধার্থ শর্মা নামৰ ব্যক্তিজনে দোষীসকলক নির্দোষী সজাবলৈ তৎপৰ হৈছিল৷ নম্রতাৰ পিতৃক বাৰে বাৰে বুজনি দি কৈছিল যে তেওঁ মৃগাংকহঁতৰ বন্ধু৷ সেয়েহে সিদ্ধার্থ শর্মাক নম্রতাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ আওতালৈ আনিলে বহু নতুন নতুন তথ্য পোহৰলৈ আহিব বুলি নম্রতাৰ পৰিয়ালে আশা প্রকাশ কৰিছে৷ আনহাতে, নম্রতাৰ মৃত্যুৰ চাৰি মাহ উকলি যোৱাৰ পাছতো মেঘালয় আৰক্ষীয়ে চার্জশ্বীট আদালতত দাখিল কৰিব পৰা নাই৷
ইপিনে, দুর্ঘটনাত পতিত গাড়ীখনৰ চালকগৰাকীকো গ্রেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷ নম্রতাৰ মৃত্যুৰ তদন্ত অতি লেহেম হোৱাত ক্ষোভ প্রকাশ কৰিছে নম্রতাৰ পৰিয়ালে৷ উল্লেখ্য যে নম্রতাৰ মৃত্যুৰ তদন্তৰ তদন্তকাৰী বিষয়া সঘনাই সলনি কৰা কার্যত সন্দেহ প্রকাশ কৰিছে নম্রতাৰ পিতৃয়ে৷ জানিব পৰা মতে, প্রথম অৱস্থাত নংপোৰ তদন্তকাৰী আৰক্ষীৰ দলে নম্রতাৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিছিল৷ পৰৱর্তী সময়ত মেঘালয় চৰকাৰে ৰিভয় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীক তদন্তৰ দায়িত্ব অর্পণ কৰে৷ যোৱা ১১ জুলাইত নম্রতাৰ পৰিয়ালৰ লোকে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীক সাক্ষাৎ কৰাত তেওঁ ৭ দিনৰ ভিতৰত চার্জশ্বীট ক’ৰ্টত দাখিল কৰিম বুলি কৈছিল যদিও আজিকোপতি চার্জশ্বীট দাখিল নকৰিলে৷ সম্ভাৱনাপূর্ণ গুৱাহাটী ন্যায়ালয়ৰ অধিবক্তা নম্রতাৰ বৰাৰ সঠিকভাৱে দ্রুতগতিত নিৰপেক্ষ তদন্ত কৰি দোষীক শাস্তি প্রদান কৰিবলৈ নম্রতাৰ পৰিয়ালে দাবী জনাইছে৷