নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাহাৰৰ ৰাণীখ্যাত দাৰ্জিলিঙৰ অবৰ্ণনীয় পৰিস্থিতি : ২৩জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৬ অক্টোবৰ : আজিও অবৰ্ণনীয় হৈয়ে আছে দাৰ্জিলিঙৰ পৰিস্থিতি। প্রচণ্ড বৃষ্টিপাত আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে পশ্চিমবংগৰ দার্জিলিং৷ পাহাৰৰ ৰাণীখ্যাত জিলাখনৰ মিকিৰ আৰু সুখীয়াপোখাৰিত ভূমিস্খলনৰ ফলত অতিকমেও ২৩জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷ ভূমিস্খলনৰ ফলত বংগ আৰু ছিকিম সংযোগী পথ আৰু দার্জিলিং আৰু শিলিগুৰি সংযোগী পথকে ধৰি মূল পথসমূহ বন্ধ হৈ পৰিছে৷ দার্জিলিঙৰ কেইবাটাও পথত ভূমিস্খলন আৰু প্রচণ্ড সোঁতত দলং ভাগি পৰাৰ ফলত যোগাযোগ প্রায় বিচ্ছিন্ন হৈ পৰিছে৷ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এই ঘটনাৰ পাছতে ভিডিঅ’ কনফাৰেঞ্চিংযোগে বৈঠক অনুষ্ঠিত কৰি সকলো তথ্য সংগ্রহ কৰাৰ লগতে মৃত লোকসকলৰ প্রতি শোক প্রকাশ কৰিছে৷

ইফালে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও পাহাৰীয়া জিলাখনত ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ প্রতি শোক প্রকাশ কৰাৰ লগতে পীড়িত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে৷ তেওঁ দার্জিলিঙৰ পৰিস্থিতি গুৰুত্বসহকাৰে লৈ কেন্দ্রৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে৷

উত্তৰ বংগত হোৱা ধাৰাসাৰ বৰষুণৰ সমান্তৰালকৈ ভূটানৰ পানীয়েও জলপাইগুৰি, শিলিগুৰি আৰু কোচবিহাৰৰ বহু অঞ্চলত বানপানীৰ সৃষ্টি কৰিছে৷ পূজাৰ বতৰৰ সমান্তৰালভাৱে হোৱা প্রাকৃতিক দুর্যোগৰ ফলত দার্জিলিঙলৈ যোৱা বহু পর্যটক আবদ্ধ হৈ পৰিছে৷ বিধ্বস্ত পথ আৰু বতৰৰ প্রতি লক্ষ্য ৰাখি পর্যটক আৰু স্থানীয় বাসিন্দাক ঘৰতে নিৰাপদে থকাৰ বাবে নির্দেশ দিছে৷ আৰক্ষী আৰু স্থানীয় প্রশাসনে ক্ষিপ্রতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে৷

ইফালে, বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰা মতে, ৭ অক্টোবৰলৈকে দার্জিলিঙত প্রচণ্ড বৰষুণৰ সম্ভাৱনা থকা বুলি জনাইছে৷ ইয়াৰ ফলত হ’ব পৰা বান পৰিস্থিতি মোকাবিলা কৰিবলৈ প্রশাসনক জাননী জাৰি কৰিছে৷

You might also like