নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড : তিনি মহিলাসহ সাতজন ৰোগীৰ প্ৰাণহানি

নিউজ ডেস্ক, ৬ অক্টোবৰ : ৰাজস্থানৰ জয়পুৰৰ ছাৱাই মান সিং হাস্পতালত দেওবাৰে নিশা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ট্ৰমা চেণ্টাৰৰ আইচিইউত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত তিনিগৰাকী মহিলাসহ মুঠ সাতজন ৰোগীৰ মৃত্যু হৈছে। ঘটনাটো নিশা প্ৰায় ১১:২০ বজাত নিউৰ’ আইচিইউৰ ষ্ট’ৰ ৰুমত সংঘটিত হৈছিল, য’ত চিকিৎসা সামগ্ৰী, তেজৰ নমুনাৰ টিউব আৰু নথি-পত্ৰ আছিল। হাস্পতাল কৰ্তৃপক্ষই শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে।

অগ্নিকাণ্ডৰ সময়ত উক্ত আইচিইউত ১১জন ৰোগী আৰু ওচৰৰ এটা ৱাৰ্ডত ১৩জন ৰোগী আছিল। জুইৰ শিখা বিয়পি পৰাৰ লগে লগে ক’লা ধোঁৱাই ছানি ধৰে, ফলত কোনোৱে ভিতৰত প্ৰৱেশ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। অগ্নিনিৰ্বাপক বাহিনী তৎক্ষণাত উপস্থিত হৈছিল যদিও ঘন ক’লা ধোঁৱাই সকলো প্ৰৱেশ পথ বন্ধ কৰি দিছিল।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই কয়- “আমি বিপৰীত ফালৰ খিৰিকীৰ কাঁচ ভাঙি ভিতৰলৈ পানী স্প্ৰে’ কৰিবলগীয়া হৈছিল। জুই নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰায় এঘণ্টাৰ পৰা ডেৰ ঘণ্টা সময় লাগিছিল, সেই সময়ত ৰোগীসকলক তেওঁলোকৰ বিছনাৰ সৈতে উদ্ধাৰ কৰি নিৰাপদে স্থানান্তৰ কৰা হৈছিল।”

হাস্পতালৰ কৰ্মচাৰী, নিৰাপত্তাৰক্ষী আৰু অগ্নিনিৰ্বাপক বিষয়াসকলে যিমান পাৰে ৰোগীক বচাবলৈ অক্লান্ত প্ৰচেষ্টা চলাইছিল। ধোঁৱাৰ দ্বাৰা ক্ষতিগ্ৰস্তসকলক চিকিৎসা প্ৰদানৰ বাবে জৰুৰীকালীন দলবোৰো অতি সোনকালে উপস্থিত হৈছিল।

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত তেওঁ লিখিছে- “এছএমএছ হাস্পতালৰ ট্ৰমা চেণ্টাৰৰ আইচিইউত সংঘটিত অগ্নিকাণ্ডত ৭জনৰ মৃত্যুৰ ঘটনা অত্যন্ত হৃদয়বিদাৰক। মই মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু আহতসকল সোনকালে সুস্থ হোৱাৰ কামনা কৰিছো।” তেওঁ ৰাজ্য চৰকাৰক এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিবলৈও আহ্বান জনাইছে, যাতে ভৱিষ্যতে এনে দুৰ্ঘটনা পুনৰ নঘটে।

এই বিধ্বংসী অগ্নিকাণ্ডৰ পিছত হাস্পতালসমূহত অগ্নি নিৰাপত্তা সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন পুনৰ উত্থাপন হৈছে। প্ৰাথমিক প্ৰতিবেদনত শ্বৰ্ট চাৰ্কিটকে সম্ভাব্য কাৰণ হিচাপে উল্লেখ কৰা হৈছে যদিও বিশদ তদন্তৰ পিছতহে প্ৰকৃত কাৰণ নিশ্চিত হ’ব।

You might also like