নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামকানুক ইডিৰ জেৰা : মুখ্যমন্ত্রীৰ কঠোৰ স্থিতিৰ পাছতে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটৰ তৎপৰতা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰ : সংস্কৃতিৰ নামত দালালিৰে মুনাফা লুটাৰ অংকত ক্ষান্ত নাথাকি ব্যাপক বিত্তীয় অনিয়ম–কেলেংকাৰিত লিপ্ত শ্যামকানু মহন্ত আশংকা কৰাৰ দৰেই এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট (ই ডি)ৰ জেৰাৰ সন্মুখীন হ’ল৷ ইয়াৰ লগে লগে অসমৰ জনমানসত দগাবাজ ৰূপে চিহ্ণিত মহন্তৰ সমস্ত বিত্তীয় কেলেংকাৰিৰ তদন্ত কেন্দ্রীয় চৰকাৰৰ সংস্থাটোৱে কৰাটো নিশ্চিত হৈ পৰিছে৷

ছিংগাপুৰত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত সম্প্রতি চিআইডিৰ কার্যালয়ত এছআইটিৰ জিম্মাত থকা অৱস্থাতে কালি দিনৰ ভাগৰ পৰা সন্ধিয়াপর্যন্ত দীর্ঘসময় ধৰি মহন্তক জেৰা চলায় ইডিৰ এটা দলে৷ প্রধানতঃ যোৱা ২৫ আৰু ২৬ ছেপ্টেম্বৰত মহন্তৰ গীতানগৰস্থিত বাসভৱনত অভিযান চলাই চিআইডিয়ে জব্দ কৰা বিভিন্ন অপৰাধমূলক নথি, চৰকাৰী বিষয়াৰ ভুৱা ছীল–মোহৰ আদিৰ ভিত্তিতে ই ডিয়ে সংস্কৃতিৰ দালালজনক সোধা–পোছা কৰে৷ সমান্তৰালভাৱে এই সময়ছোৱাত জব্দকৃত নথি–পত্রকে ধৰি সা–সামগ্রীসমূহ পৰীক্ষা কৰে অনুসন্ধানকাৰী দলটোৱে৷

উল্লেখ্য যে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ নামত নর্থ–ইষ্ট ফেষ্টিভেল, ৰঙালী আদি অনুষ্ঠান অনুষ্ঠিত কৰি বিগত সময়ছোৱাত মুনাফা অর্জন কৰি আহিছে মহন্তই৷ এইবাৰো ছিংগাপুৰত আয়োজন কৰিছিল নর্থ–ইষ্ট ফেষ্টিভেল৷ য’ত অংশগ্রহণৰ বাবে গৈ ৰহস্যজনকভাৱে মৃত্যু হয় দুর্দান্ত সংগীত প্রতিভা জুবিন গার্গৰ৷ এই ঘটনাৰ কাৰণে সমগ্র ৰাজ্যবাসীয়ে মূলতঃ দায়ী কৰিছে মহন্তকে৷ ঘটনাৰ পাছত ছিংগাপুৰত আত্মগোপন কৰি আইনী সুৰুঙাৰে নিজকে বচাবলৈ চেষ্টা কৰিছিল যদিও যোৱা ৩০ ছেপ্টেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত পদার্পণ কৰাৰ লগে লগে এছআইটিয়ে তেওঁক গ্রেপ্তাৰ কৰে৷ সম্প্রতি আদালতৰ নির্দেশমর্মে তেওঁ এছআইটিৰ জিম্মাত আছে৷ গ্রেপ্তাৰৰ পূর্বে জুবিন গার্গৰ মৃত্যুৰ গোচৰত যোৱা ২৫ আৰু ২৬ ছেপ্টেম্বৰত মহন্তৰ বাসভৱনত অভিযান চলোৱা হৈছিল৷ কিন্তু কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে এই অভিযানকালত মহন্তৰ বিত্তীয় কেলেংকাৰিৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে৷

অভিযানকাৰী দলে মহন্তৰ বাসভৱনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বহুসংখ্যক অপৰাধমূলক নথি–পত্র তথা সামগ্রী৷ যাৰ ভিতৰত আছিল একেটা প্রতিষ্ঠানৰ নামত একাধিক পান কার্ড, বিভিন্ন কোম্পানী তথা চৰকাৰী বিষয়াৰ প্রায় ৩০টা ভুৱা ছীল–মোহৰ আৰু কেতবোৰ বেনামী সম্পত্তি সম্পর্কীয় নথি৷ ইয়াৰ পাছতে চিআইডিয়ে মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(৫)/৩৩৬(৩)/ ৩৩৭/৩৩৮/৩৩৯/৩৪০(২)/ ৩৪১(১)নং ধাৰাৰ অধীনত ১৯/২০২৫ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ বিত্তীয় অনিয়মৰ এই গোচৰটো সম্পর্কত ইতিমধ্যে চিআইডিয়ে প্রাৰম্ভিক প্রতিবেদন প্রস্তুত কৰিছিল৷ যি প্রাৰম্ভিক প্রতিবেদন কালি মহন্তক জেৰাৰ পূর্বে চিআইডিৰ কার্যালয়ত উপস্থিত হৈ পর্যালোচনা কৰে ইডিয়ে৷ সমান্তৰালভাৱে এই প্রাৰম্ভিক প্রতিবেদনৰ প্রতিলিপি ইডিৰ বিষয়াই দিল্লীস্থিত কার্যালয়ৰ ঊর্ধ্বতন কর্তৃপক্ষলৈও প্রেৰণ কৰে৷ তাৰ পাছত কালি মহন্তক ইডিয়ে জেৰা কৰাটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ যোৱা ২৫ আৰু ২৬ ছেপ্টেম্বৰত চিআইডিৰ অভিযানৰ লগে লগে মহন্তই ২০ বছৰতকৈও অধিক পূর্বে নর্থ–ইষ্টার্ন ডেভেলপমেণ্ট ফাইনেঞ্চ কর্প’ৰেচন লিমিটেড (নেডফি)ৰ সহকাৰী প্রবন্ধক হিচাপে কার্যনির্বাহ কৰাৰ সময়ত সংঘটিত কৰা ১৪.৪২ কোটিটকীয়া বিয়াগোম কেলেংকাৰিৰ তথ্য পোহৰলৈ আহে৷

চিআইডিৰ এক সূত্রই প্রকাশ কৰা অনুসৰি সেই সময়ত মহন্ত আৰু নেডফিৰ দুজন মহাপ্রবন্ধকে অসমত কল চেণ্টাৰ খোলাৰ বাবে ডিএছএছ ই–কানেক্ট লিমিটেড নামৰ এটা কোম্পানীক ১৪.৪২ কোটি টকাৰ ঋণ দিছিল৷ ইয়াৰে ৮.৪২ কোটি টকা ২০০১ চনত দিয়াৰ বিপৰীতে বাকী ৬ কোটি টকা দিছিল ২০০৩ চনত৷ কিন্তু কোম্পানীটোৱে ২০০৩ চনপর্যন্ত অসমত এটাও কল চেণ্টাৰ স্থাপন নকৰিলে৷ কল চেণ্টাৰৰ কথা বাদেই, ঋণৰ প্রিমিয়ামো আদায় নিদিলে কোম্পানীটোৱে৷ যাৰ বাবে ২০০৪ চনত নেডফিৰ তৰফৰ পৰা এক আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰা হয়৷ পিছে তদন্ত ঘোষণাৰ পাছতে ২০০৪ চনৰ শেষভাগত মহন্তই নেডফিৰ পৰা পদত্যাগ কৰে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে নেডফিয়ে তদন্ত ঘোষণাৰ পূর্বে ২০০৩ চনৰ ৩১ মার্চত ডিএছএছ ই–কানেক্টৰ ঋণক নন–পাৰফর্মিং এছেট ঘোষণা কৰা হৈছিল৷ উত্থাপিত অভিযোগ অনুসৰি, কোম্পানীটোক দিয়া এই ঋণৰ ক্ষেত্রতো সংঘটিত বিয়াগোম কেলেংকাৰিত প্রত্যক্ষভাৱে জড়িত আছিল মহন্ত৷

ইফালে, মহন্তই পাঁচটাকৈ প্রতিষ্ঠান ক্রমে এনলাইটেণ্ড প্রাইভেট লিমিটেড, টিৰাপ হাইড্র’পাৱাৰ প্রাইভেট লিমিটেড, পাটকাই এনার্জী কোম্পানী প্রাইভেট লিমিটেড, এমএমএছ এডভাইছৰী প্রাইভেট লিমিটেড আৰু ট্রেণ্ড এম এম এছ প্রাইভেট লিমিটেড খুলি দীর্ঘদিন ধৰি চলাই আহিছিল লুণ্ঠনৰাজ৷ নর্থ–ইষ্ট ফেষ্টিভেল, ৰঙালীৰ দৰে উৎসৱৰ পৰা আৰম্ভ কৰি বিটিচিত পানী যোগান–জলবিদ্যুতৰ ঠিকালৈকে সকলোতে পত্নীক সহযোগী হিচাপে লৈ মহন্তই লুণ্ঠনৰ হাতোৰা মেলি দিছিল৷ যাৰ বহু তথ্য–সমল চিআইডিয়ে জব্দ কৰা নথিত পোৱা গৈছে বুলি সর্বত্র চর্চিত হৈছে৷ ইতিমধ্যে জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰটোৰ লগতে ইয়াৰ প্রাসংগিক বিষয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কঠোৰ স্থিতি গ্রহণ কৰিছে৷ এনে প্রেক্ষাপটত ই ডিৰ দৰে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৰ এনে তৎপৰতাৰ লগতে তদন্তৰ দায়িত্ব লোৱাৰ দিশে আগবঢ়াটো মন কৰিবলগীয়া৷

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট–আয়কৰ বিভাগে কৰিব তদন্ত

জুবিন গার্গৰ মৃত্যুৰ ৰহস্যৰ অন্যতম অভিযুক্ত হিচাপে চিহ্ণিত হোৱা শ্যামকানু মহন্তৰ আর্থিক অনিয়মৰ তদন্ত কৰিব এনফ’ৰ্চমেণ্ট ডাইৰেক্টর্ছ–আয়কৰ বিভাগে৷ উল্লেখ্য যে ফেষ্টিভেল মহন্ত ৰূপে পৰিচিত সাংস্কৃতিক দালাল শ্যামকানু মহন্তই বিভিন্ন বিভাগৰ পৰা অনিয়মেৰে সংগ্রহ কৰিছিল পুঁজি৷ আনকি নাবার্ডৰ পৰাও তেওঁ ১৪ কোটি টকা ঋণ লৈ সেয়া ওভতাই নিদিয়াৰ অভিযোগ সন্নিৱিষ্ট হৈছে৷ এনে সকলোবোৰ আর্থিক অনিয়মৰ তদন্ত কৰিব এনফ’ৰ্চমেণ্ট ডাইৰেক্টর্ছ–আয়কৰ বিভাগে৷ এই কথা প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

এই সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰে যে শ্যামকানু মহন্তৰ বিৰুদ্ধে জুবিন গার্গৰ হত্যাৰ তদন্তৰ সমান্তৰালকৈ বিত্তীয় অনিয়মৰো অভিযোগক লৈ সুকীয়াকৈ ৰুজু কৰা হৈছে গোচৰ৷ ইয়াৰ তদন্তও আৰম্ভ হৈছে৷

মন কৰিবলগীয়া যে ইতিমধ্যে চিআইডিৰ কার্যালয়ত কালি এনফ’ৰ্চমেণ্ট ডাইৰেক্টর্ছৰ বিষয়া উপস্থিত হৈ তেওঁক জেৰা কৰে৷ স্মর্তব্য যে শ্যামকানু মহন্তৰ বাসগৃহত অভিযান চলোৱা সময়তে উদ্ধাৰ হৈছিল কেইবাটাও ছীল, আপত্তিজনক নথি–পত্র আৰু আর্থিক অনিয়মৰ একাধিক তথ্য৷ এই তথ্যৰ আধাৰতে আন এক গোচৰ ৰুজু কৰা হৈছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো স্পষ্ট কৰে যে এনফ’ৰ্চমেণ্ট ডাইৰেক্টর্ছ–আয়কৰ বিভাগে কৰিবলগীয়া এই তদন্তত আমি সহযোগ কৰিম৷ জুবিন গার্গৰ মৃত্যুৰ সৈতে জড়িত হৈ থকা কোনো সাৰি যাব নোৱাৰে৷

You might also like