যাত্ৰীবাহী মেজিক স্প্ৰে ছটিয়াই ছাত্ৰীক যৌ*ন নিৰ্যাতন চালকৰ, মৰিয়নি-ত চাঞ্চল্য
মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী বিদ্যালয়ত উপস্থিত হৈ অচতেন হৈ পৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে।
মৰিয়নিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
এগৰাকী স্কুলীয়া ছাত্ৰীক বিদ্যালয়লৈ আহি থকাৰ সময়ত যৌন নিৰ্যাতন চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে।
বিদ্যালয়লৈ আহি থকাৰ সময়ত মেজিক চালকে যৌন নিৰ্যাতন চলায় ছাত্ৰীগৰাকীক।
মেজিকখনত আন যাত্ৰী নথকাৰ সুযোগ গ্ৰহণ কৰি চালকে ছাত্ৰীগৰাকীক স্প্ৰে মাৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে৷
যোৰহাট মৰিয়নি ৰেলগেট বন্ধ থকাৰ বাবে ছাত্ৰীগৰাকী মেজিকখনৰ পৰা পলাবলৈ সক্ষম হয়।
মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী বিদ্যালয়ত উপস্থিত হৈ অচতেন হৈ পৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে।
বিদ্যালয়ৰ কৰ্তৃপক্ষই ততাতৈয়াকৈ মৰিয়নি নগৰীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰাথমিক চিকিৎসাৰ বাবে ছাত্ৰীগৰাকীক আনে।
পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷
ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷
ভিডিঅটি চাবলৈ ইয়াত ক্লিক কৰক–
‘একেবাৰে শুদ্ধ আৰু সত্য কথাটো জানিব লাগে, সেইটোৱেই জুবিনৰ বাবে ন্যায় হ’ব’
‘কোনোধৰণৰ পলিটিক্স, কোনোধৰণৰ ডিছট্ৰেকচন মই নিবিচাৰোঁ’
জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ শ্বুটিঙত জুবিনৰ ন্যায় বিচাৰি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ।