আজিৰে পৰা চাৰিদিনীয়া উজনি অসম ভ্ৰমণ মুখ্যমন্ত্ৰী-ৰ
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা চাৰিদিনীয়া উজনি অসম ভ্ৰমণ কৰিব।কাৰ্যসূচী অনুযায়ী আজি বিয়লি ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আৰু জোনাইক সামৰি চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণেৰে ডিব্ৰুগড়ত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
সূচী অনুসৰি ড০ শৰ্মাই বিয়লি গুৱাহাটীৰ পৰা ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈ তিনিচুকীয়াৰ গেলাপুখুৰীত থকা নিউ চাৰ্কিট হাউছলৈ আগবাঢ়িব। কাইলৈ তিনিচুকীয়াৰ পৰা মুখ্যমন্ত্ৰী সচিবালয় ডিব্ৰুগড়ত উপস্থিত হ’ব। পিছত তেওঁ লাহোৱাললৈ গৈ অটোমেটেড ভেহিকেল ফিটনেছ টেষ্টিং ষ্টেচন উদ্বোধন কৰিব। সন্ধিয়া ড০ শৰ্মাই মুখ্যমন্ত্ৰী সচিবালয়ত মৰাণ সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা।
৯ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে বিয়লি ডিব্ৰুগড়লৈ উভতি অহাৰ পূৰ্বে চিমেন চাপৰি, জোনাই, ধেমাজি ভ্ৰমণ কৰিব। সন্ধিয়া ডিব্ৰুগড় আৰক্ষী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ বহুমুখী প্ৰেক্ষাগৃহত বিজেপি বিষয়ববীয়াৰ সভাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
১০ অক্টোবৰত ডিব্ৰুগড়ৰ খনিকৰ ফিল্ডত এমএমইউএৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ড০ শৰ্মাই। তাৰ পিছত তেওঁ দুপৰীয়া গুৱাহাটীলৈ ৰাওনা হ’ব।
বিশেষ বাৰ্তা, ডিব্ৰুগড়, ৭ অক্টোবৰ