নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী-ৰ ফটোযুক্ত বেনাৰ ফালি ৰঙাঘৰৰ আলহী হল ডবকাৰ যুৱক

  • মুখ্যমন্ত্ৰী-ৰ ফটোযুক্ত বেনাৰ ফালি ৰঙাঘৰৰ আলহী হল ডবকাৰ যুৱক।
  • ধৃত যুৱকজন ডবকা চহৰৰ দহ নং ৱাৰ্ডৰ আমজদ আলী
  • কালি ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ ডবকা চহৰৰ ১০নং ৱাৰ্ডতো অৰুণোদয় আঁচনিৰ শুভাৰম্ভৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনি আছিল স্থানীয় ৰাইজে।
  • সেই সময়তে আমজদ আলী নামৰ যুৱকজনে সভাস্থলীত উপস্থিত হৈ উদ্ভণ্ডালি কৰাৰ লগতে তাত থকা মুখ্যমন্ত্ৰীৰ ফটো সন্নিবিষ্ট বেনাৰ টানি-আঁজুৰি ফালি পেলোৱাৰ অভিযোগ উঠিছে।
  • খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ যুৱকজনক কৰায়ত্ত কৰাৰ লগতে বেনাৰখনো জব্দ কৰি ডবকা থানালৈ লৈ আনে।
  • ডবকা আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত 197/25 নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত অৱ্যাহত ৰাখিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ

You might also like