নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গ-ৰ মৃত্যু : DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ SIT-ৰ

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰিছে এছআইটিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে জুবিন গাৰ্গ-ৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ।

জুবিন গাৰ্গ-ৰ ছিংগাপুৰত অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যত গভীৰ শোক আৰু সন্দেহৰ সৃষ্টি কৰিছে। জুবিনৰ মৃত্যুৰ সৈতে নাম জড়িত হোৱা সন্দীপন গাৰ্গৰ প্ৰতি জনমানসৰ দৃষ্টি নিবদ্ধ হৈ আছিল। সন্দীপন গাৰ্গ, যি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিনৰ সৈতে গৈছিল আৰু জুবিনৰ মৃত্যুৰ সময়ত একেলগে আছিল। আৰু বহু সোধাপোছাৰ পিছত আজি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে এছআইটিয়ে।

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰিছে এছআইটিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ।

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰাছ আইলেণ্ডত সাঁতোৰ কৰাৰ সময়ত ঘটে। কিন্তু এই মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল।

ইফালে সন্দীপন গাৰ্গৰ ভূমিকাৰ বিষয়ে পুলিচৰ তদন্ত চলি আছিল। আৰু আজি গ্ৰেপ্তাৰ হয়। অসম পুলিচে চি আই ডিৰ জৰিয়তে তদন্ত আৰম্ভ কৰিছে, য’ত সন্দীপন গাৰ্গৰ বিৰুদ্ধে এফআইআৰ দাখিল হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন (PIL) দাখিল হৈছে, য’ত জুবিনৰ মৃত্যুৰ ৰহস্যভেদৰ বাবে উচ্চস্তৰীয় তদন্তৰ দাবী কৰা হৈছে। সামাজিক মাধ্যমত #JusticeForZubeen হেচটেগ ট্ৰেণ্ড কৰি অনুৰাগীয়ে সন্দীপনৰ বিৰুদ্ধে ক্ৰোধ প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু আজি শেহতীয়াকৈ আজি গ্ৰেপ্তাৰ হল সন্দীপন গাৰ্গ।

নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ।

You might also like