নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকৰ বাবে মুকলি কাজিৰঙা-ৰ বুঢ়াপাহাৰ বনাঞ্চল

২৬ ছেপ্টেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যা্নৰ বাগৰি বনাঞ্চল ২০২৫-২৬ বৰ্ষৰ পৰ্যটকৰ বাবে আংশিক মুকলি কৰাৰ পাছত আজিৰে পৰা উদ্যা্নখনৰ বুঢ়াপাহাৰ বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে শেহতীয়াকৈ বৃদ্ধি পোৱা পৰ্যটকৰ সুবিধাৰ বাবে আজিৰে পৰা পুনৰ মুকলি কৰা হয় উদ্যানখনৰ বুঢ়াপাহাৰৰ বনাঞ্চল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ DFO অৰুণ বিগনেছ, ACF জয়ন্ত দাস আৰু বুবুল বৰুৱা, বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰুৱাৰ উপস্থিতিত আজি ঘোঁৰাকাটিত বুঢ়াপাহাৰ জীপ ছাফাৰী সন্থাৰ সহযোগত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল বুঢ়াপাহাৰ বনাঞ্চল।

২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল যোৱা ২৬ ছেপ্টেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল যদিও উদ্যানখনৰ বাট-পথসমূহ জীপ ছাফাৰিৰ বাবে সম্পূৰ্ণ উপযোগী হৈ নুঠাত কিছু অসুবিধাৰ সন্মুখীন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। যাৰ বাবে পৰ্যায়ক্ৰমে এটা এটাকৈ বনাঞ্চল দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

১ নৱেম্বৰ ২০২৫ তাৰিখৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দৰ্শনাৰ্থীয়ে হাতী ছাফাৰিৰ সুবিধা লাভ কৰিব বুলি উদ্যান কৰ্তৃপক্ষই জানিব দিয়ে। আশা কৰিছে বিগত বৰ্ষতকৈ বৃদ্ধি পাব পৰ্যটকৰ সংখ্যা। ইতিমধ্যে পূজাৰ সময়ৰ পৰা যথেষ্ট পৰ্যটক আহিছে উদ্যানখনলৈ।

নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ

You might also like