আজিৰ দিনটোৰ ৰাশিফল
আজি ৯ অক্টোবৰ, আহিন মাহৰ ২২ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণ দ্বিতীয়, নক্ষত্র : ভৰণী, যাত্রা : নাই
মেষ : কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰক চিন্তাৰ কাৰণ হ’ব৷ শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
বৃষ : কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম৷ বিদ্যাত যত্নৰ ফল লাভ৷ শৰীৰৰ সাধাৰণ আহুকাল৷ দাম্পত্যত ভালেই৷ শুভ ৰং ক’লা, সংখ্যা ৬৷
মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ সৰু–সুৰা কথাই মানসিক কিছু প্রভাৱ পেলাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
কর্কট : পূর্বৰ দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগা আদিত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ বিদ্যাত মধ্যম৷ ভ্রমণত শুভ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷
সিংহ : কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব৷ শুভ ৰং হালধীয়া, সংখ্যা ৮৷
কন্যা : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
তুলা : আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা নাই ৷ বিদ্যাত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷
ধনু : উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷
মকৰ : ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ যিসকল যোগ্যৱান তেওঁলোকৰ সুনাম হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কুম্ভ : ৰুক্ষ চিন্তা৷ অত্যধিক খৰচ হ’লেও আয়ত্তত থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ লোহা–লক্কৰ, ইস্পাত, কাঠ, কয়লা ৰসায়নত লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীন : আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ শৰীৰ মধ্যম৷ সৰু–সুৰা সংবাদক গুৰুতৰ বুলি নল’ব৷ ভ্রমণত সাৱধান৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷