কাছাৰত SBI শাখাত চোৰৰ চাফাই অভিযান
বেংকৰ একাধিক কম্পিউটাৰ মনিটৰসহ ইউপিএছ খুলি লৈ যায়। ঘটনাৰ সকলো দৃশ্য বন্দী হল চিচি কেমেৰাত।
কাছাৰৰ সোনাই নতুন বজাৰত SBI শাখাত চুৰি কাণ্ড। চোৰে লুটি নিলে বেংকৰ কম্পিউটাৰ মনিটৰসহ ইউপিএছ। সন্ধিয়া সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বেংকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি এই চুৰি কাণ্ড সংঘটিত হৈছিল।
বেংকৰ শাখা প্ৰবন্ধক কমলেশ শ্ৰীবাস্তৱে দিয়া তথ্য অনুসৰি, ঘটনাটো সংঘটিত হৈছে মঙলবাৰে সন্ধিয়া। বেংকৰ কাম শেষ কৰি কৰ্মচাৰীসকল ওলাই যোৱাৰ পাছত বেংকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হয়। আৰু তাৰ পাছত ভেন্টিলেটৰ ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে চোৰ। বেংকৰ একাধিক কম্পিউটাৰ মনিটৰসহ ইউপিএছ খুলি লৈ যায়। ঘটনাৰ সকলো দৃশ্য বন্দী হল চিচি কেমেৰাত।
ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ তদন্তত নামিছে আৰক্ষী।
নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ