বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ৯ অক্টোবৰ : শোণিতপুৰ জিলাৰ ঠেলামৰাত সক্ৰিয় গুলীসহ এটা পিষ্টল উদ্ধাৰ কৰাৰ লগতে এজন লোকক ঠেলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি, ঠেলামৰা থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলৰ মুছলিম চাপৰিত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই ইউছুফ আলী নামৰ লোকজনৰ গৃহৰ পৰা এটা 7.65 mm পিষ্টল উদ্ধাৰ কৰাৰ লগতে দুজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। আৰক্ষীয়ে ইউছুফ আলীক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।