নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি এৰিলে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে

ডিজিটেল ডেস্ক, ৯ অক্টোবৰ : বিজেপি নেতা ৰাজেন গোহাঁইৰ পদত্যাগ। জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁয়ে আজি বাজপেয়ী ভৱনলৈ আহি দলত্যাগ কৰে। বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। উল্লেখ্য যে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আছিল ৰাজেন গোহাঁই।

ৰাজেন গোহাঁয়ে চাৰিবাৰকৈ নগাঁৱৰ পৰা সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছিল। তদুপৰি মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত গোহাঁই আছিল ৰে’ল ৰাজ্যিক মন্ত্ৰী।

জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ দলত্যাগৰ পিছতে অচিৰেই তেওঁ অন্য ৰাজনৈতিক দলত যোগ দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

You might also like