কাৰাগাৰ-তে ট্ৰেডিং কেলেংকাৰিৰ খলনায়ক দীপাংকৰক ছুৰিকাঘাত
আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ-ৰ ভিতৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এই ঘটনাত ট্ৰেডিং কেলেংকাৰিৰ খলনায়ক দীপাংকৰ বৰ্মনক কাৰাগাৰৰ ভিতৰতে ছুৰিকাঘাত কৰে আন এগৰাকী কয়দীয়ে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
উল্লেখ্য যে অসমৰ বহু কোটি টকাৰ অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মুখ্য অভিযুক্ত দীপাংকৰ বৰ্মনক গোৱাৰ পানাজীত অসম পুলিচে গ্ৰেপ্তাৰ কৰিছিল। তেওঁ ডিবি চ্টক ব্ৰ’কিঙৰ মালিক আছিল। উল্লেখ্য তেওঁৰ বাসভৱনত পুলিচে প্ৰায় ২৭ লাখ টকাৰ নোট আৰু সোণৰ গহনা জব্দ কৰিছিল।
স্মৰ্তব্য যে বিনিয়োগকাৰীৰ অভিযোগ আছিল যে তেওঁলোকে উচ্চ মুনাফাৰ লোভ দেখুওৱা বৰ্মনৰ কোম্পানীত বিপুল পৰিমাণ ধন বিনিয়োগ কৰিছিল, কিন্তু মুনাফা দিয়া নাছিল। দীপাংকৰৰ প্ৰায় ৭,০০০ কোটি টকা কেলেংকাৰি আছিল।
বৰ্তমান তেওঁ গুৱাহাটী কাৰাগাৰত বন্দী হৈ আছিল আৰু আজি ছুৰিকাঘাতৰ সন্মুখীন হয়।
নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ