নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰামিষভোজীক আমিষ আহাৰ, অশীতিপৰ যাত্রীৰ কৰুণ মৃত্যু

🔹 কাটাৰ এয়াৰলাইনছৰ বিমানত মাজআকাশত অঘটন

নিউজ ডেস্ক, ১০ অক্টোবৰ : নিৰামিষভোজীক আমিষ আহাৰ পৰিৱেশন কৰাৰ বাবে কাটাৰ এয়াৰলাইনছৰ এখন বিমানত অশীতিপৰ এজন যাত্রীৰ কৰুণ মৃত্যু হয়৷

ঘটনাৰ বিৱৰণী মতে, আমেৰিকাৰ লছ এঞ্জেলছৰ পৰা শ্রীলংকাৰ ৰাজধানী কলম্বোগামী বিমানত ১৫.৫ ঘণ্টাৰ যাত্রাত মাজআকাশত ড০ অশোক জয়বিৰা নামৰ চিকিৎসক এজনে নিৰামিষ আহাৰ বিমান কর্তৃপক্ষৰ পৰা বিচাৰে৷ বিমান কর্তৃপক্ষই যাত্রীজনক নিৰামিষ আহাৰ নাই বুলি আমিষ আহাৰ যোগান ধৰে৷ যাত্রীজনে বাধ্য হৈ আমিষ আহাৰ গ্ৰহণ কৰাৰ পাছতে অসুস্থ হৈ পৰে আৰু মাজআকাশতে মৃত্যুক আঁকোৱালি লয়৷

৮৫ বছৰীয়া চিকিৎসক যাত্রীৰ মৃত্যুৰ বাবে বিমান কর্তৃপক্ষক জগৰীয়া কৰি যাত্রীগৰাকীৰ পুত্রই বিমান কর্তৃপক্ষৰ বিৰুদ্ধে ১ লাখ ২৮ হাজাৰ ৮২১ ডলাৰ ক্ষতিপূৰণ হিচাপে দাবী কৰি গোচৰ ৰুজু কৰে৷ গোচৰ ৰুজু কৰোঁতাজনৰ নাম সূর্য জয়বিৰা৷

You might also like