শিলচৰত নিষিদ্ধ কফ চিৰাপসহ গ্ৰেপ্তাৰ পশ্চিমবংগৰ দুই সৰবৰাহকাৰী
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে কাছাৰ আৰক্ষীৰ অভিযান ৷ পুনৰ কাছাৰত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে বহিঃৰাজ্যৰ দুই সৰবৰাহকাৰী।
গোপন সূত্ৰৰ ভিত্তিত শিলচৰ ৰংপুৰত কাছাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই WB-29B-1996 নম্বৰৰ এখন ট্ৰাকৰ পৰা প্ৰায় ২১ হাজাৰ ৬০০ বটল নিষিদ্ধ কফ চিৰাপ জব্দ কৰে। ট্ৰাকখনত থকা কেইবাটাও কেমিকেলৰ ড্রামত লুকুৱাই অনা হৈছিল বৃহৎ পৰিমাণৰ এই কফ চিৰাপখিনি।
কাটাৰ মেচিনৰ জৰিয়তে ড্ৰাম কাটি আৰক্ষীয়ে উদ্ধাৰ কৰে কফ চিৰাফখিনি। ঘটনাৰে জড়িত পশ্চিমবংগৰ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োৰে নাম বাপ্পি হালদাৰ আৰু তাপস বিশ্বাস।
জব্দকৃত নিষিদ্ধ কফ চিৰাফখিনিৰ চোৰাং বজাৰ মূল্য ২ কোটি ১৬ লাখ বুলি সদৰী কৰিছে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।
লগতে তেওঁ জনায় যে বৃহৎ পৰিমাণৰ এই কফ চিৰাপখিনি পশ্চিমবংগৰ পৰা লৈ অনা হৈছিল আৰু বৰাক উপত্যকাৰ মাজেদি বাংলাদেশত সৰবৰাহ কৰাৰ পৰিকল্পনা আছিলে। অবৈধ এই বেহাৰ লগত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াসকল জড়িত আছে বুলি জনায় জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।
নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ