নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ অক্টোবৰ : দেশৰ সৰ্ববৃহৎ নদী দলং ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই যদিও এতিয়াৰে পৰা দলংখন জুবিন গাৰ্গৰ নামেৰে নামকৰণৰ দাবী উত্থাপন কৰিছে পশ্চিম অসমকে ধৰি মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বহু জুবিন অনুৰাগীয়ে।
উল্লেখ্য যে ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ তুৰাত জন্ম হৈছিল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। তাৰেই পৰিপ্ৰেক্ষিতত অসম, মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক এক বৰ্ণাঢ্য সংগীতময় যাত্ৰাৰে একতাৰ এনাজৰীৰে বান্ধি ৰখা প্ৰয়াত শিল্পীগৰাকীৰ নামেৰে অসম-মেঘালয় সংযোগী নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলংখনৰ নাম ৰখাৰ কামনা কৰিছে বহুতে।
উল্লেখনীয় যে বিগত বৰ্ষৰ ৬ ডিচেম্বৰৰ দিনা সদনত কেন্দ্রীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিয়ে ২০২৮ বৰ্ষৰ ১২ অক্টোবৰৰ ভিতৰত ধুবুৰী–ফুলবাৰী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। জানিব পৰা মতে, ১৯৯টা খুঁটিৰ নিৰ্মীয়মাণ এই দলংখনৰ ৬০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ২০২৮ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ মাজভাগত দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পূৰ্ণ সম্ভাবনা আছে। নৰ্থ-ইষ্ট ৰোড নেটৱৰ্ক কানেক্টিভিটী আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত জাপান ইন্টাৰনেচনেল কৰ্প’ৰেচন এজেঞ্চী (চমুকৈ জাইকা)ৰ বিত্তীয় সাহায্যত নিৰ্মাণ চলি থকা ১৯.২৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ এই নদী দলংখনৰ নিৰ্মাণ মূল্য ৰূপে ধাৰ্য কৰা হৈছে মুঠ ৪৯৯৭.০৪ কোটি টকা।
ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আদাবাৰী দ্বিতীয় খণ্ডৰ পৰা লুইতৰ ওপৰেদি নিৰ্মাণ কৰি থকা এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে এলএণ্ডটি নামৰ বহুজাতিক নিৰ্মাণকাৰী সংস্থা এটাই। এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে ফুলবাৰীলৈ ব্ৰহ্মপুত্ৰৰ উজনিমুৱা কেইবাঘন্টীয়া নাও যাত্ৰা মাথোঁ ১৫-২০ মিনিটমানতেই সম্পূৰ্ণ কৰা সম্ভৱ হৈ উঠিব। স্মৰ্তব্য যে ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে ধুবুৰী-ফুলবাৰী সংযোগী এই দলংখন নিৰ্মাণৰ কামৰ অনুমোদন জনোৱাৰ পিছত মাথোঁ দুই বছৰৰ ভিতৰতেই দলংখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণকে ধৰি অত্যাধুনিক থ্ৰিজি (3G) জৰীপৰ কাম সম্পূৰ্ণ কৰা হৈছিল। ২০২১ বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ পৰা ভাৰ্চুৱেলী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিছিল বহু প্ৰত্যাশিত এই ধুবুৰী–ফুলবাৰী দলংখন নিৰ্মাণৰ কাম।
উল্লেখনীয় যে কেৱল যাতায়াতৰ ক্ষেত্ৰতেই নহয়; এই দলংখনে বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক দিশলৈ এক সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ পৰ্যটনৰ ক্ষেত্ৰখনতো নতুন দিগন্তৰ সূচনা কৰাটো প্ৰায় নিশ্চিত। এই দলংখনে উত্তৰ–পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। সমান্তৰালকৈ চুবুৰীয়া বাংলাদেশৰ সৈতেও আমদানি–ৰপ্তানিৰ ক্ষেত্ৰত দলংখনে এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰো সম্ভাৱনা আছে।