নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামত টেম্পোচালকৰ জীয়ৰীয়ে লাভ কৰিলে ADREৰ তৃতীয় বৰ্গৰ চাকৰি

নিয়মীয়া বাৰ্তা, পুৰণিগুদাম, ১০ অক্টোবৰ : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ পুৰণিগুদাম নলবৰাগাঁৱৰ যুৱতী পম্পী বৰাই লাভ কৰিলে এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ চাকৰি।আজি ঘোষণা হোৱা ফলাফলত মেধাৱী যুৱতীগৰাকীৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ, পৰিয়ালৰ লগতে গাঁওবাসী। নলবৰাগাঁৱৰ মিন্টু বৰা আৰু আৰতি বৰাৰ কন্যা পম্পী বৰাৰ এই সফলতাৰ বাবে বিজেপি চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে পম্পী বৰাৰ লগতে পিতৃ-মাতৃয়ে।

ইফালে, পম্পী বৰাৰ পিতৃ মিন্টু বৰাই কয় যে মুখ্যমন্ত্ৰীক লগ পালে তেওঁ চৰণ চুই সেৱা কৰাৰ মন আছে। পম্পী বৰাৰ পিতৃ এগৰাকী টেম্পোচালক। টেম্পো চলাই পৰিয়াল পোহপাল দিয়া মিন্টু বৰাৰ জীয়ৰীৰ এই সফলতাই এতিয়া মেধাৰ ভিত্তিত চাকৰি লাভ কৰাটো পুনৰবাৰ প্ৰতিপন্ন কৰিলে।

উল্লেখযোগ্য যে বিগত চৰকাৰৰ দিনত এটা চৰকাৰী চাকৰি পাবলৈ বৃহৎ পৰিমাণৰ ধন উৎকোচ হিচাপে দিব লগা হৈছিল। বৰ্তমান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত অসমৰ চুকে-কোণে বহু দৰিদ্ৰ পৰিয়ালৰ মেধাৱী যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে।

এখন টেম্পো চলাই পৰিয়ালৰ ভৰণ-পোষণ দিয়া মিন্টু বৰাৰ পত্নী আৰতি বৰা অ্ংগণবাড়ী কৰ্মী যদিও পিতৃ মাতৃৰ উপৰিও নিজৰ পাঁচ জনীয়া পৰিয়াল ভৰণ পোষণ দিয়াৰ ক্ষেত্ৰত মিন্টু বৰাই জীৱন যুঁজত কঠোৰ সংগ্ৰাম কৰিব লগা হৈছিল।বৰ্তমান জিয়ৰীয়ে  এ ডি আৰ এ পৰীক্ষাত সফলতা লাভ কৰাত এতিয়া আবেগৰ চকুলো টুকিছে মিন্টু বৰাই।

প্ৰেৰক তপন কটকী
You might also like