১৬-১৭ অক্টোবৰত বোকাখাত-ৰ জে ডি এচ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী
পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচীৰ কিছু অংশ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দেহাৱসানৰ হেতু বাতিল কৰা হৈছে। দ্বিতীয় দিনৰ সন্ধিয়া আয়োজিত "বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান" বাতিল কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰদৰ্শন কৰা হ'ব ভাওনা।
বোকাখাত-ৰ উচ্চ শিক্ষাৰ প্ৰথম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান শ্ৰীশ্ৰীযোগানন্দদেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণী অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি চলিছে। অহা ১৬ আৰু ১৭ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
সমবেত হ’ব মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, ১৭খন মহাবিদ্যালয় অধ্যক্ষৰ লগতে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যৰ ভালেকইগৰাকী শিক্ষাবিদ বুদ্ধিজীৱীয়ে।
আদৰণী সমিতিৰ সভাপতি, বোকাখাতৰ বিধায়ক, জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাৰ লগতে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু, বিত্ত মন্ত্ৰী অজন্তা নেওগ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ক্ৰমে বিশ্বজিত ফুকন, মৃণাল শইকীয়া, ভৱেন ভঁৰালী।
মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ত আয়োজিত সংবাদ মেল সম্বোধন কৰে উদযাপন সমিতিৰ সম্পাদক, কলেজ খনৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে। সহকাৰী অধ্যাপক বিদ্যুত কলিতাই আঁত ধৰা সংবাদ মেলত অধ্যক্ষ গগৈয়ে কয় যে পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচীৰ কিছু অংশ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দেহাৱসানৰ হেতু বাতিল কৰা হৈছে। দ্বিতীয় দিনৰ সন্ধিয়া আয়োজিত “বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান” বাতিল কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰদৰ্শন কৰা হ’ব ভাওনা।
প্ৰথম দিনৰ সাংস্কৃতিক অনুষ্ঠানত কেৱল ড° ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নিৰ্বাচিত গীতৰ দুঘন্টীয়া অনুষ্ঠানত সীমাবদ্ধ থাকিব। শেষৰ দিনাৰ “বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা” হ’ব অনুষ্টুপীয়া। দুয়োদিনৰ অনুষ্ঠানত ১০খন গ্ৰন্থৰ লগতে মহাবিদ্যালয় মুখপত্ৰ, হীৰক জয়ন্তী আলোচনী আৰু প্ৰাক্তন ছাত্ৰ মঞ্চৰ আলোচনী উন্মোচন কৰা হ’ব।
সংবাদ মেলত বোকাখাতৰ সৰ্বস্তৰৰ জনসাধাৰণ আৰু শিক্ষানুৰাগীৰ সহযোগিতা কামনা কৰিছে ড° জয়ন্ত গগৈয়ে। ১৬ অক্টোবৰৰ পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব অধ্যক্ষ ড° জয়ন্ত গগৈয়ে। হীৰক জয়ন্তী পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাৰ, প্ৰাক্তন ছাত্ৰ মঞ্চৰ পতাকা উত্তোলন কৰিব কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন ছাত্ৰ প্ৰশান্ত কুমাৰ ফুকন আৰু ইয়াৰ লগে লগে ৬০ খন পতাকা উত্তোলন কৰিব গোলাঘাট জিলাৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ অধ্যক্ষ, শিক্ষা আৰু সমাজ জীৱনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তি সকলে।
দাতাৰ আবক্ষ মূৰ্তিত মাল্যপৰ্ন কৰিব দাতা পৰিয়ালৰ বিদ্যানন্দ দেৱগোস্বামীয়ে। হীৰক জয়ন্তীৰ স্মৃতি সৌধ উন্মোচন কৰিব মহাবিদ্যালয় খনৰ প্ৰথম বৰ্ষৰ প্ৰাক্তন ছাত্ৰ তথা ৰজাবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুষময় পুৰকায়স্থ। স্মৃতি তৰ্পণ কৰিব মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° বিভা বৰায়।
শ্বহীদ তৰ্পন কৰিব মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে। গ্ৰন্থমেলা উদ্ধোধন কৰিব অসম কলেজ শিক্ষক সন্থাৰ সভাপতি ড ° জয়ন্ত বৰুৱায়। “ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০: উচ্চ শিক্ষাত সফলতা আৰু সম্ভাৱনা “ শীৰ্ষক শৈক্ষিক আলোচনাৰ সঞ্চালনা কৰিব অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° ধৰ্মেশ্বৰী নাথ।আলোচক হিচাপে উপস্থিত থাকিব মহাবিদ্যালয় পৰিদৰ্শক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ৰূপম শইকীয়া আৰু টিয়ক চি কে বি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড°বিনয়ব্ৰত ৰাজখোৱা।
ন পুৰণি ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী, আৰু কৰ্মচাৰীৰ অন্তৰংগ আলাপৰ সঞ্চালনা কৰিব প্ৰাক্তন ছাত্ৰ, বিশিষ্ট কবি সমীৰ তাঁতী, উদ্ধোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট কবি জীৱন নৰহ। প্ৰাক্তন ছাত্ৰ মঞ্চৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট কবি চেনীৰাম গগৈয়ে সন্ধিয়া বন্তি প্ৰজ্বলন প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগ্ৰৰৱালা। সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু হাটথ্ৰব জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট অভিনেতা অৰুন হাজৰিকায়।
১৭ অক্টোবৰ পুৱা গছপুলি ৰোপণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড° সোনালী ঘোষ, সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব নুমলীগড় শোধনাগাৰৰ মূখ্য মহাপ্ৰবন্ধক ড° কাজল শইকীয়া। বিয়লি মুকলি সভা আৰু হীৰক জয়ন্তী স্মৃতি গ্ৰন্থ উন্মোচন সভাৰ সভাপতিত্ব কৰিব মন্ত্ৰী অতুল বৰাই। মূখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগু, বিশিষ্ট অতিথি অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে, মন্ত্ৰী কেশব মহন্ত,সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভবেন ভৰালী, বিশ্বজিৎ ফুকন, মৃণাল শইকীয়া উপস্থিত থাকিব।
স্মৃতি গ্ৰন্থ উন্মোচন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, বিশিষ্ট অতিথি হিচাপে বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ জি,সিংঘায়া, জিলা আয়ুক্ত পুলক মহন্ত, আমন্ত্ৰিত অতিথি হিচাপে সমজিলা আয়ুক্ত নিবাসী জেৰ্নগেল ,সদৌ অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সন্থাৰ সভাপতি ড° বিভূতি চৌধুৰী, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা উপস্থিত থাকিব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব প্ৰথম বৰ্ষৰ প্ৰাক্তন ছাত্ৰ হৰিপ্ৰসাদ বৰঠাকুৰে। মহাপুৰুষীয়া ভাওনা উদ্ধোধন কৰিব নুমলীগড় শোধনাগাৰৰ মূখ্য প্ৰৱন্ধক মিন্টু সন্দিকৈয়ে। ন পুৰণি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী, বোকাখাতবাসী ৰাইজৰ উপস্থিতি হীৰক জয়ন্তী উদযাপন সমিতিৰ লগতে প্ৰাক্তন ছাত্র মঞ্চয়ে কামনা কৰিছে।
বিশেষ বাৰ্তা, বোকাখাত, ১০ অক্টোবৰ