নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : অৰুণোদয় ৩.০ত বৰপেটাৰ চেঙাৰ বাঘমাৰাচৰত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত মহিলাই। চেঙা সমষ্টিৰ বাঘমাৰা চৰ গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ শতাধিক মহিলাৰ পৰা ২ হাজাৰৰ পৰা ৪ হাজাৰ পৰ্যন্ত টকা লোৱাৰ পাছতো তেওঁলোকৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত নথকাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে বঞ্চিত মহিলাসকলে ।
ভুক্তভোগী মহিলাসকলে অভিযোগ কৰা মতে, গাঁওখনৰ ৮০-৯০গৰাকী মহিলাৰ পৰা ধন সংগ্ৰহ কৰিছে যদিও এগৰাকীয়েও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। গাঁওখনৰ ৰহিজুদ্দিন আহমেদ নামৰ এজন যুৱকে ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে। দৰিদ্ৰ মহিলাৰ পৰা ধন সংগ্ৰহ কৰি নিজৰ পৰিয়ালৰ আটাইৰে নাম সন্নিৱিষ্ট কৰিছে তালিকাত।
কেৱল অৰুণোদয় আঁচনিয়েই নহয়, আত্মসহায়ক গোট পঞ্জীয়ন কৰাই দিয়াৰ নামত ৰহিজুদ্দিন আহমেদে প্ৰতিগৰাকী মহিলাৰ পৰা ১৮০০কৈ টকা সংগ্ৰহ কৰিছে যদিও আজিলৈকে পঞ্জীয়ন নহ’ল এনে আত্মসহায়ক গোট। চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাই দিয়াৰ নামত দালালিত নামিছে ৰহিজুদ্দিন। নিজকে অগপ কৰ্মী বুলি জাহিৰ কৰি ফুৰা দালাল ৰহিজুদ্দিন আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী মহিলাসকলে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস