অংগনৱাড়ী কেন্দ্ৰত নাবালিকাক ধ*ৰ্ষণ : হাইলাকান্দিত তীব্ৰ চাঞ্চল্য
হাইলাকান্দি জিলাৰ কাটলিছড়া থানাৰ অন্তৰ্গত এখন গাঁৱত অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত ১৪ বছৰীয়া নাবালিকাক জোৰপূৰ্বক ধৰ্ষণ কৰা অভিযোগত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। অভিযুক্তজনৰ নাম অনুপ কুমাৰ ৰায় বুলি জানিব পৰা গৈছে।
সূত্রৰ খবৰ অনুসৰি, ঘটনা সংঘটিত হোৱাৰ পাছত অভিযুক্ত অনুপ পলাতক অৱস্থাত আছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু ধৰ্ষিতা নাবালিকাক চিকিৎসাৰ বাবে হাইলাকান্দি এছ কে ৰায় চিভিল হাস্পতালত ভৰ্তি কৰা হৈছে।
স্থানীয় বাসিন্দাই অভিযোগ কৰিছে যে অভিযুক্তজন এটা বিশেষ ৰাজনৈতিক দলৰ ঘনিষ্ঠ হোৱাৰ ফলত ঘটনাটো গাপ দিয়াৰ চেষ্টা চলি আছে। যদিও আৰক্ষী সূত্ৰই জনাইছে যে অভিযুক্তজনক গ্ৰেপ্তাৰৰ বাবে অভিযান চলি আছে।
এই লজ্জাজনক ঘটনাক কেন্দ্র কৰি সমগ্ৰ কাটলিছড়া অঞ্চলত ক্ষোভৰ ক্ষোভৰ সৃষ্টি কৰিছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ অক্টোবৰ