নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোক্ৰাত তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

নিয়মীয়া বাৰ্তা, বালিপৰা, ১৩ অক্টোবৰ : শোণিতপুৰৰ লোক্ৰাৰ বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ত কালি তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ ২৯ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখন বালিপৰা খণ্ড মধ্য ইংৰাজী শিক্ষক সন্থাৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয় ।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি সন্থাৰ পতাকা উত্তোলন, অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, গছপুলি ৰোপণৰ লগতে জিলা সভাপতি চুচেন নাথৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা । প্ৰতিনিধি সভাত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলৰ বিভিন্ন সমস্যাৱলী সন্দৰ্ভতো আলোচনা কৰা হয় । একেদৰে সভাত সৰ্বসন্মতিমৰ্মে উপদেষ্টা হিচাপে প্ৰসন্ন ৰাভা, ৰাজ্যিক সদস্য চন্দন আচাৰ্য, সভাপতি চুচেন নাথ, সাধাৰণ সম্পাদক চন্দন কুমাৰ নাথ, সহকাৰী সম্পাদক হিচাপে ক্ৰমে কৃপাল দাস আৰু মহম্মদ ফজলুল হক ইত্যাদিক লৈ এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয় ।

প্ৰতিনিধি সভাৰ পিছতে অনুষ্ঠিত মূল সভাত আদৰণী ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সভাপতি তথা মৌজাদাৰ উৎপল দাসে । সভাত বিভিন্ন শৈক্ষিক বিষয়ত আলোচনা কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা সমিতিৰ “দিগন্ত” নামৰ মুখপত্ৰখনো (সম্পাদনা : কৃপাল দাস) শুভ উন্মোচন কৰা হয় । অনুষ্ঠানত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডাঃ ক্ষীৰোদ কমল হাজৰিকা, দীপক কুমাৰ ভূঞা, সমাজকৰ্মী অৰুণ ভূঞা, দুলেন কোচ, সমাজসেৱক কৃষ্ণ কোচ, বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিউটী শইকীয়া বৰা, কৰুণা দাস, প্ৰবীণ কটকী, বিকাশ ছেত্ৰী, ছত্ৰমান চুব্বা, বুবুল ৰাজবংশীৰ লগতে জিলা সমিতি আৰু বালিপৰা খণ্ড সমিতিৰ বিষয়ববীয়া, জিলাৰ বিভিন্ন স্থানৰ প্ৰতিনিধি, অৱসৰপ্ৰাপ্ত শিক্ষক, ৰাইজ উপস্থিত থাকে।

You might also like