লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু প্ৰাইড ইষ্টৰ CMD ৰিণিকি ভূঞা শর্মা-ৰ
কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তৰা এই মানহানি গোচৰৰ শুনানি অহা ৩০ অক্টোবৰত হ’ব৷
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ ৰুজু কৰিলে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই৷
কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তৰা এই মানহানি গোচৰৰ শুনানি অহা ৩০ অক্টোবৰত হ’ব৷
উল্লেখ্য যে লুৰিণজ্যোতি গগৈয়ে যোৱা ২৬ ছেপ্ঢেম্বৰত অভিযোগ কৰিছিল যে ৰিণিকি ভূঞা শর্মাৰ গ’ল্ডেন থ্রেডছ অৱ আছামে ছিংগাপুৰত অনুষ্ঠিত হোৱা নর্থ–ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব’ত অংশগ্রহণ কৰিছিল৷ সম্পূর্ণ ভুৱা তথ্যৰে উত্থাপন কৰা এই অভিযোগৰ বিৰুদ্ধে ৰিণিকি ভূঞা শর্মাৰ হৈ অধিবক্তা কিশোৰ দত্তই এই গোচৰ দাখিল কৰিছে৷
মন কৰিবলগীয়া যে একেধৰণৰ অভিযোগ তোলা বিধায়ক অখিল গগৈৰ বিৰুদ্ধেও ৰিণিকি ভূঞা শর্মাই ইতিপূর্বে ৫০২/২৫ নম্বৰৰ গোচৰ ৰুজু কৰিছে৷ অখিল গগৈৰ দৰে লুৰিণজ্যোতি গগৈয়েও কোনো তথ্যৰ আধাৰত ভিত্তি নকৰি সম্পূর্ণ ভুৱাকৈ ৰিণিকি ভূঞা শর্মাৰ গ’ল্ডেন থ্রেডছ আছামে ছিংগাপুৰত নর্থ–ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব’ত অংশগ্রহণৰ অভিযোগ আনিছিল৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ