অসম পশু চিকিৎসা মীন বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য হিচাপে ড০ নিৰঞ্জন কলিতাক নিযুক্তি
ৰাজভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই নৱনিযুক্ত উপাচার্য ড০ নিৰঞ্জন কলিতাক নিযুক্তিপত্র প্রদান কৰাৰ লগতে শপতবাক্য পাঠ কৰোৱায়৷
অসম তথা উত্তৰ–পূর্বাঞ্চলৰ পশু চিকিৎসা আৰু মীন খণ্ডৰ অধিক উত্তৰণৰ লগতে উন্নয়নমুখী গৱেষণা, পৰিসৰ বৃদ্ধি তথা ঔদ্যোগিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে স্বতন্ত্রভাৱে স্থাপন কৰা অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্রথমগৰাকী উপাচার্যক আনুষ্ঠানিকভাৱে নিযুক্তিপত্র প্রদান কৰা হয়৷
ৰাজভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই নৱনিযুক্ত উপাচার্য ড০ নিৰঞ্জন কলিতাক নিযুক্তিপত্র প্রদান কৰাৰ লগতে শপতবাক্য পাঠ কৰোৱায়৷
উল্লেখ্য যে ড০ কলিতাই অসম কৃষি বিশ্ববিদ্যালয়ত প্রায় তিনি দশকৰো অধিক অধ্যাপনা আৰু গৱেষণাত সেৱা আগবঢ়াই শেষত গৱেষণা সঞ্চালক ৰূপে কার্যনির্বাহ কৰি অৱসৰগ্রহণ কৰিছিল৷ পশু চিকিৎসা বিজ্ঞানৰ হাঁহ–কুকুৰা বিজ্ঞান ক্ষেত্রৰ শিক্ষণ তথা গৱেষণাত সর্বভাৰতীয় পর্যায়ত তেওঁৰ এক বিশেষ সুনাম আছে৷
তেওঁ বছৰ বছৰজোৰা গৱেষণাৰ ফচল ৰূপে ‘কামৰূপা’ নামৰ কুকুৰাৰ সঁচ উদ্ভাৱন কৰিছিল৷ অসমৰ গাঁৱে–ভূঞে এই জাতৰ কুকুৰাই বিশেষ প্রদর্শন দেখুৱাবলৈ সক্ষম হৈছে৷ বর্ণিল অভিজ্ঞতাৰে পুষ্ট ড০ কলিতাৰ নেতৃত্বত নতুন বিশ্ববিদ্যালয়খনে শিক্ষণ তথা গৱেষণাৰ উপৰি কৃষক তথা পশুপালকৰ বাবে ন ন দিশৰ উন্মেষ ঘটাব বুলি সকলোৱে আশা প্রকাশ কৰিছে৷
শপতগ্রহণ অনুষ্ঠানত পশুপালন মন্ত্রী কৃষ্ণেন্দু পাল, মুখ্য সচিব ডঃ ৰবি কোটাৰ উপৰি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ বিবেকানন্দ শইকীয়া, গৱেষণা সঞ্চালক ড০ প্রবোধ বৰা, যুটীয়া পঞ্জীয়ক ড০ বীৰেন্দ্র কুমাৰ শর্মা, সহযোগী সম্প্রসাৰণ শিক্ষা সঞ্চালক ড০ হিৰণ্য কুমাৰ ভট্টাচার্য, ক্লিনিচ্ছৰ সঞ্চালক ড০ দ্বিজেন কলিতা, ৰহাৰ মৎস্য বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞানগুৰু তথা লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু প্রমুখ্যে বিষয়াসকল উপস্থিত থাকে৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ