নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চি আই ডি কাৰ্যালয়ত হাজিৰ তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ

ডিজিটেল ডেস্ক, ১৪ অক্টোবৰ : অৱশেষত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগ কৰিবলৈ CID কাৰ্যালয়ত হাজিৰ হ’ল ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ। জুবিনৰ মৃত্যুৰ সময়ত শেষ মুহূৰ্তত য়ট পাৰ্টীত উপস্থিত আছিল এই দুয়োগৰাকী প্ৰবাসী অসমীয়া। জুবিন গাৰ্গৰ মৃত্যুৰ ২৬ দিন পিছত অৱশেষত CID কাৰ্যালয়ত হাজিৰ হ’ল তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ। অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকনক তলব কৰিছিল SIT-এ। উল্লেখ্য যে উক্ত অভিশপ্ত য়ট পাৰ্টীৰ আয়োজক আছিল তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ ছিংগাপুৰ অসম এছ’চিয়েচনৰ সভাপতি।

অমৃতকণ্ঠৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে চৰকাৰক ন্যায় প্রদানৰ দাবী তোলাৰ সময়তে তীব্রগতিত চলিছে বিশেষ তদন্তকাৰী গোটৰ তদন্ত৷ ইয়াৰ মাজতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ২৫টা দিনৰ পিছত অসমত উপস্থিত হৈছিল আন তিনি প্ৰৱাসী অসমীয়া। CID কাৰ্যালয়ত কালি হাজিৰ হোৱা ৩ প্ৰৱাসী অসমীয়া হ’ল জলংছাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। ইয়াৰ আগেয়ে ৰূপকমল কলিতা নামৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াজন চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল। আজি উপস্থিত হোৱা তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰক লৈ এই পৰ্যন্ত CID কাৰ্যালয়ত উপস্থিত হৈছে ৭ প্ৰবাসী অসমীয়া। জুবিনৰ ৰহস্যজনক মৃত্যুৰ প্ৰত্যক্ষদৰ্শী আছিল আটাইকেইগৰাকী।

মুখ্যমন্ত্ৰীয়েও ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক হাজিৰ হ’বলৈ বাৰে বাৰে সকীয়নি প্ৰদান কৰিছিল। শেহতীয়াকৈ এই প্ৰৱাসী অসমীয়াসকলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগ কৰিবলৈ বাধ্য হৈ পৰিছে। ছিংগাপুৰৰ অসমীয়াই সম্প্ৰতি CIDক ভাষ্য দিয়াৰ পিছতে সমগ্ৰ তদন্তই এক নতুন গতি ল’ব।

উল্লেখ্য যে বিগত ২৭ ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুলৈ এছআইটিয়ে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দর্ভত ৩০জনৰো অধিক লোকক জেৰা চলোৱাৰ লগতে কেইবাগৰাকীও নিকটাত্মীয়ৰ ভাষ্য সংগ্রহ কৰিছে৷

You might also like